peepl-small

তলা ওলমিল গুৱাহাটীৰ পাঁচটা ছবিগৃহত

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনা মহামাৰী ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰিছে৷ ক’ৰোনাকেন্দ্রিক জটিল পৰিস্থিতিৰ বাবেই তীব্র আর্থিক সংকটত পৰিছে ব্যৱসায়, উদ্যোগ, পৰিবহণ, পর্যটনকে ধৰি প্রতিটো খণ্ড৷ বিশেষকৈ লকডাউনৰ পৰিপ্রেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন হৈছে চলচ্চিত্র গৃহৰ ব্যৱসায়ীসকল৷ চিনেমা হলসমূহ বন্ধ হৈ থকাত স্বত্বাধিকাৰীসকলে ৰাজ্যৰ বহুকেইটা ছবিগৃহ বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

বিগত ১০ মাহ ধৰি চলচ্চিত্র গৃহসমূহ বন্ধ হৈ থকাত ব্যৱসায়ীসকলে পৰিশোধ কৰিব পৰা নাই বিদ্যুতৰ মাচুল৷ অনাদায় বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰি ছবিগৃহ বন্ধৰ সিদ্ধান্ত লৈছে বহুকেইজন ছবিগৃহৰ স্বত্বাধিকাৰীয়ে৷ লকডাউনৰ পৰিপ্রেক্ষিততে তলা ওলমিল গুৱাহাটীৰ পাঁচটাকৈ ছবিগৃহত৷ সদৌ অসম চলচ্চিত্র গৃহৰ মালিক সন্থাৰ সভাপতি চিন্ময় শর্মাই জানিবলৈ দিয়া মতে মহানগৰীৰ নুনমাটিস্থিত বন্দনা চিনেমা হল, পল্টনবজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচীবজাৰৰ উর্বশী আৰু ছয়গাঁৱৰ ছিলভাৰ স্ক্রীন চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে মালিক পক্ষই৷

ইতিমধ্যে বন্দনা, অপ্সৰা, মেঘদূত আৰু ছিলভাৰ স্ক্রীন ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম কোম্পানীয়ে উঠাই নিছে৷ উর্বশী চিনেমা হলৰ স্বত্বাধিকাৰীয়েও ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম উঠাই নিবলৈ কোম্পানীক অনুৰোধ জনাইছে৷ বিগত ১০ মাহ ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাত কর্মচাৰীৰ দৰমহা আৰু বিদ্যুতৰ বিল স্বত্বাধিকাৰীয়ে প্রতিমাহে আদায় দিবলগীয়া হৈছে৷ চিনেমা হলসমূহ বন্ধ হৈ থাকিলেও বিদ্যুতৰ ফিক্সড চার্জৰ বাবদ প্রতিমাহে ছবিগৃহৰ স্বত্বাধিকাৰীয়ে ৩৫ৰ পৰা ৪০ হাজাৰ টকাকৈ আদায় দিবলগীয়া হৈছে৷

ৰাজ্য চৰকাৰক ছবিগৃহৰ মালিক সন্থাই বিদ্যুতৰ ফিক্সড চার্জ ৰেহাই দিবলৈ আহ্বান জনাইছিল যদিও এতিয়ালৈকে চৰকাৰে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ৰাজ্য চৰকাৰে ছবিগৃহসমূহ ৫০ শতাংশ দর্শকক লৈ খুলিবলৈ আহ্বান জনাইছিল৷ কিন্তু নতুন ছবি নির্মাণ নোহোৱাত ছবিগৃহসমূহ খুলিলেও দর্শকৰ সঁহাৰি নাপাব৷ সেয়েহে স্বত্বাধিকাৰীসকলে লোকচানৰ সন্মুখীন হৈ ছবিগৃহ মুকলি কৰিবলৈ সাহস নকৰিলে৷ লকডাউনৰ পৰিপ্রেক্ষিতত ছবিগৃহৰ মালিকে সন্মুখীন হোৱা লোকচানৰ বাবেই ৫০ বছৰৰ অধিক সময় হাজাৰ হাজাৰ দর্শকক মনোৰঞ্জন দি অহা বন্দনা, অপ্সৰা, উর্বশী, মেঘদূতৰ দৰে চিনেমা হলৰ স্বত্বাধিকাৰীয়ে হল বন্ধ কৰাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল৷

RELATED ARTICLES