peepl-small

এ টি ৰোডৰ বিদ্যুতৰ খুঁটাত বিপজ্জনকভাৱে ওলমি থকা তাঁৰত অগ্ণিকাণ্ড

PUBLISHED:

গুৱাহাটী: গুৱাহাটী পৌৰ নিগমে বিদ্যুতৰ খুঁটাত বিপজ্জনকভাৱে ওলমি থকা তাঁৰ আঁতৰাবলৈ কেব্ল আৰু ইণ্টাৰনেট সেৱা প্রদানকাৰী প্রতিষ্ঠানলৈ নির্দেশনা জাৰি কৰিছিল৷ যোৱা ১৭ মে’ত ৭ দিনৰ সময়সীমা দি বিদ্যুতৰ খুঁটাত ওলমি থকা তাঁৰসমূহ আঁতৰাবলৈ প্রতিষ্ঠানসমূহক নির্দেশ দিছিল৷ কিন্তু এসপ্তাহ উকলি যোৱাৰ পিছতো আজিলৈ বিদ্যুতৰ খুঁটাত ওলমি আছে তাঁৰসমূহ৷ বিদ্যুতৰ খুঁটাত ওলমি থকা কেব্লৰ বাবেই আজি এ টি ৰোডত সংঘটিত হ’ল এক অগ্ণিকাণ্ড৷

বিদ্যুতৰ খুঁটাত ঁৰা তাঁৰত অগ্ণিকাণ্ডৰ সূত্রপাত হোৱাৰ পিছতে সদাব্যস্ত এ টি ৰোডত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে অগ্ণিনির্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নির্বাপণ কৰে৷ লক্ষণীয় যে সম্ভাব্য ভয়াৱহ বিপদৰ আশংকা কৰি পৌৰ নিগমে বিদ্যুতৰ খুঁটাত ওলমি থকা তাঁৰসমূহ আঁতৰাবলৈ নির্দেশ দিছিল৷ কেব্ল আৰু ইণ্টাৰনেট সেৱা প্রদানকাৰী প্রতিষ্ঠানৰ ভুলৰ বাবেই এই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে৷

RELATED ARTICLES