peepl-small

ক’ভিড পৰিস্থিতিৰ মাজতে চাৰি মাহত সংগ্রহ ৫৮ কোটি ৰাজহ

PUBLISHED:

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন, লকডাউন আৰু ৰোগৰ ভয়াৱহতা সত্ত্বেও চলিত ২০২১–২২ বিত্তীয় বর্ষৰ এপ্রিলৰ পৰা জুলাইলৈ ৫৮,০৭,৭৪,২২২ টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰা অনুসৰি, ক’ভিডৰ ভয়াৱহতা সত্ত্বেও কার্যালয়ৰ যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক আৰু সমূহ কর্মচাৰীৰ সমূহীয়া প্রচেষ্টাত ক’ভিডৰ প্রত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত চাৰিটা মাহত ৫৮ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পৰা গৈছে৷

কেৱল জুলাই মাহতে অভিলেখ পৰিমাণৰ ১৮,৯৮,৩৪,৭৭ টকাৰ ৰাজহ সংগ্রহ হয়৷ বিগত বর্ষৰ জুলাই মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৬,০১,৪৮,৬০৮ টকা৷ বিগত বর্ষৰ জুলাই মাহৰ তুলনাত এইবেলি প্রায় ১২.৯৭ কোটি টকাৰ অধিক ৰাজহ সংগ্রহ কৰিব পৰা গৈছে৷ এই বৃদ্ধিৰ পৰিমাণ হ’ল ২১৫.৮০ শতাংশ৷ তেনেদৰে চলিত বিত্তীয় বর্ষৰ পহিলা এপ্রিলৰ পৰা ৩১ জুলাই পর্যন্ত মুঠ সংগৃহীত ৰাজহৰ পৰিমাণ হ’ল ৫৮,০৭,৭৪,২২২ টকা৷ বিগত বর্ষৰ একে সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ২৬,৩৫,৫৯,৭৫০ কোটি টকা৷ অর্থাৎ বিগত বর্ষৰ চাৰিটা মাহৰ তুলনাত এইবেলি ৩১.৭২ কোটি টকাতকৈ অধিক ৰাজহ সংগ্রহ হৈছে৷

RELATED ARTICLES