peepl-small

প্ৰেমেৰে সজোৱা এই জীৱনঃ বঙাইগাঁৱৰ বৃদ্ধ দম্পতীৰ ক’ভিড যুঁজৰ কাহিনী

PUBLISHED:

ৰিংকুমণি পাঠক

গুৱাহাটীঃ ক’ভিড আক্ৰান্ত বঙাইগাঁও জিলাৰ এগৰাকী বৃদ্ধা আৰু তেওঁক অন্তহীন প্ৰেমেৰে উপচোৱা বৃদ্ধাগৰাকীৰ স্বামীৰ কাহিনী এয়া।

বইটামাৰীৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা মহিলাগৰাকী আৰু তেওঁৰ ৮৩ বছৰীয়া স্বামীৰ মাজত থকা প্ৰেম-অনুৰাগে হৃদয় স্পৰ্শ কৰিছে চিকিৎসকৰো।

ক’ভিড আক্ৰান্ত হোৱা বৃদ্ধাগৰাকী মূক্ বধিৰ। কিন্তু তেওঁক প্ৰতি মুহূৰ্ততে সাহস দিছে তেওঁৰ স্বামীয়ে। জীৱনৰ আশীটাৰো অধিক বসন্ত পাৰ কৰা লোকজন ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰপ্ত জোৱান।

পত্নীৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে এদিনৰ ব্যৱধানত লোকজন উপস্থিত হয় হাস্পতালত । ইয়াৰ বাবে তেওঁৰ খৰচ হয় পাঁচশ টকা।

পত্নীক বুজাবলৈ তেওঁ আশ্ৰয় লয় আকাৰ-ইংগিতৰ। চিকিৎসক-চিকিৎসাকৰ্মীৰ পৰা ৰোগৰ বিষয়ে জানি লৈ লোকজনে পত্নীক মৰমেৰে বুজায়।

এই দৃশ্যই মুগ্ধ কৰা চিকিৎসক ডা০ ভাস্কৰ মেধিয়ে ফেচবুকত আপলোড কৰিছে দুয়োৰে এখন ফটো।

চিকিৎসকগৰাকীয়ে লিখিছে — “মই তেওঁলোকে কথা পতা শুনি অনুভৱ কৰিছিলোঁ যেন মই সৰগত আছোঁ। তেওঁলোকৰ মাজত অনাবিল ভালপোৱা।”

RELATED ARTICLES