peepl-small

নগাঁৱত মহিলা সংগঠন কার্বি ছাত্র সন্থাৰ উত্তাল বিক্ষোভ

PUBLISHED:

গুৱাহাটী: ৰহা আৰক্ষী থানাৰ অন্তর্গত খাইগড়ত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ হত্যাক লৈ আজিও উত্তাল হৈ আছে নগাঁও৷ উল্লেখ্য যে ২২ এপ্রিলত ৰহা খাইগড়ত পশ্চিম কার্বি আংলং জিলাৰ চুমিলা ৰংহাংপী নামৰ কিশোৰীগৰাকীৰ অগ্ণিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল৷ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা ৰহা অঞ্চলকে ধৰি সমগ্র নগাঁও জিলাত প্রতিবাদ, ক্ষোভ অব্যাহত আছে৷ কার্বি আংলং জিলাকে ধৰি গুৱাহাটীতো এই ঘটনাৰ প্রতিবাদ অব্যাহত আছে৷ আজি নগাঁৱৰ কেইবাটাও সংগঠনে চুমিলা ৰংহাংপীৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ নগাঁও জিলা সমিতি, অসম মহিলা সংঘৰ নগাঁও জিলা সমিতি, সদৌ অসম প্রগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতি, কার্বি প্রগতিশীল নাৰী সন্থা, নগাঁও ডিষ্ট্রিক কার্বি অর্গেনাইজেচন, নগাঁও জিলা কার্বি ছাত্র সন্থাই যৌথভাৱে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি কিশোৰীগৰাকীৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷

নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্রত ৰূপায়ণ কৰা এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰাসকলে চুমিলা ৰংহাংপীৰ হত্যাকাৰীক কঠোৰ শাস্তি প্রদান কৰক, হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰক, ৰায় নোহোৱালৈকে অভিযুক্তক ন্যায়িক জিম্মাত ৰাখক, চুমিলা ৰংহাংপীৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা সংগঠনসমূহে যৌথভাৱে জিলা উপায়ুক্তক স্মাৰক–পত্র প্রদান কৰে৷

স্মাৰক–পত্রত চুমিলা ৰংহাংপীক হত্যাৰ লগত জডিত প্রকাশ বৰঠাকুৰ, নয়নমণি বৰঠাকুৰ আৰু ৰীণা বৰঠাকুৰৰ ফাষ্টড্রেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তি প্রদান কৰা, আদালতে ৰায় নিদিয়ালৈকে অভিযুক্তক ন্যায়িক জিম্মাত ৰখা, চুমিলা ৰংহাংপীৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ প্রদান কৰা, প্রত্যেক থানাত মহিলা কোষ গঠন কৰা আৰু বিভিন্ন এলেকাত থকা ঘৰুৱা মহিলা কর্মীক পঞ্জীয়ন কৰাৰো দাবী উত্থাপন কৰে৷ প্রতিবাদস্থলীত অনুষ্ঠিত হোৱা সভাত অসম মহিলা সংঘৰ দেৱযানী বৰুৱা, নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ দময়ন্তী দাস, কার্বি প্রগতিশীল নাৰী সন্থাৰ কেন্দ্রীয় নেত্রী প্রতিমা ইংহিপী, এন ডি কে অ’ৰ মংগল সিং ইংতি, বুদ্ধেশ্বৰ তিমুং, নগাঁও জিলাৰ কার্বি ছাত্র সন্থাৰ সংচিং তকবী, নগাঁও কার্বি ছাত্র সন্থাৰ চাৰফুটুং তিচ’, কৃষক গৰিব ন্যায় সন্থাৰ মুস্তাফা চেলিম আহমেদে ভাষণ দিয়ে৷ প্রতিবাদী কার্যসূচীত প্রগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্রী পৰী কুমাৰী বৰুৱা আৰু সম্পাদিকা আয়েফা বেগমে অংশগ্রহণ কৰে৷ আন্দোলনকাৰী নেতৃবৃন্দই বিজেপি চৰকাৰৰ আমোলত সমগ্র ভাৰতবর্ষৰ ভিতৰত অসমত মহিলাৰ ওপৰত চলা হত্যা–হিংসা সর্বাধিক বুলি উল্লেখ কৰে৷ সভাই চুমিলা ৰংহাংপী ন্যায় বিচাৰ সমিতি নামেৰে এখন সমিতি গঠন কৰে৷ দোষীয়ে ন্যায় নোপোৱাপর্যন্ত এই সংগ্রাম অব্যাহত ৰখা হ’ব বুলি আন্দোলনকাৰী সংগঠনকেইটাই চৰকাৰক সতর্ক কৰি দিয়ে৷

নগাঁৱত চুমিলা ৰংহাংপীলৈ শ্রদ্ধাঞ্জলি যুৱ–ছাত্র পৰিষদৰ
নগাঁও জিলাৰ ৰহাৰ খাইগডত ২২ এপ্রিলত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ হত্যাকাণ্ডক তীব্র গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও নগৰ সমিতিয়ে৷ এই ঘটনাৰ লগত জডিত দোষীসকলক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে৷ আজি সন্ধিয়া নগাঁও চহৰৰ নতুন বজাৰত পৰিষদৰ নগৰ সমিতিৰ সদস্যসকলে বন্তি প্রজ্বলনেৰে চুমিলা ৰংহাংপীৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ এই অনুষ্ঠানত পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন, ভাৰপ্রাপ্ত সম্পাদক বিচিত্র দাস, পৰিষদৰ নেতা প্রবাল শর্মা, আনন্দৰাম ঢ়েকিয়াল ফুকন ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অভিকজ্যোতি মহন্ত, নগৰ সমিতিৰ সাংগঠনিক সম্পাদক পল বৰদলৈ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভানেত্রী কংকনা ডেকা, নগাঁও প্রেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদক চন্দনজ্যোতি বৰা আদি উপস্থিত থাকে৷

চুমিলা ৰংহাংপীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল হোজাই
চুমিলা ৰংহাংপীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আজি হোজাইৰ বৰবহাত উত্তাল প্রতিবাদ সাব্যস্ত কৰে কেইবাশ লোকে৷ হোজাই জিলা কার্বি ছাত্র সন্থা আৰু কেইবাশ কার্বি জনগোষ্ঠীৰ লোকে সাব্যস্ত কৰে এই প্রতিবাদী কার্যসূচী৷ প্রতিবাদীসকলে প্রথমে মৃত কিশোৰীগৰাকীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰে৷ তাৰ পিছতে সাব্যস্ত কৰে প্রতিবাদী কার্যসূচী৷ প্রতিবাদীসকলে চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী উত্থাপন কৰে৷

RELATED ARTICLES