peepl-small

ফটাশিল–আমিনগাঁৱত্ অবৈধ সুৰা জব্দঃ ৩জনক জেললৈ

PUBLISHED:

গুৱাহাটীঃ  ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–িবদেশী বৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত সোমবাৰে দিনৰ ভাগত গুৱাহাটী সদৰ আবকাৰী চক্রই মহানগৰীৰ ফটাশিল আম্বাৰীৰ হৰিজন কলনী আৰু শৰাইঘাট দলঙৰ কাষৰীয়া আমিনগাঁও জাৰত বৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি ফটাশিল আম্বাৰীৰ হৰিজন কলনীত চলোৱা অভিযানত প্রায় ৫০ লিটাৰ চুলাই মদ জব্দ কৰা হয়৷ তেনেদৰে আমিনগাঁও জাৰত ২২ কার্টন বিভিন্ন বেণ্ডৰ বিদেশী  সুৰা আৰু য়েৰ জব্দ কৰে অভিযানকাৰী দলটোৱে৷

আনহাতে, অভিযানকাৰী দলটোৱে ফটাশিলত এজন আৰু আমিনগাঁৱত দুজনসহ মুঠ তিনিজন লোকক হাতে–লোটে ধৰা পেলাই আটক কৰে৷ আটকাধীন তিনিওজনকে কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্রেৰণ কৰে৷ ইফালে কালিও অভিযানকাৰী দলটোৱে িবৰুবাৰীৰ িব ৰুৱা কর্কট প্রতিষ্ঠানৰ সমীপত অভিযান চলাই ৫ কার্টন িবভিন্ন েব্রণ্ডৰ িবদেশী সুৰাসহ এজন লোকক আটক কৰিছিল৷

RELATED ARTICLES