peepl-small

GMCH ত ৰোগীৰ দেহত সংৰোপণ কৰিবলৈ লওঁতেই ধৰা পৰিল নকল পেচমেকাৰ

PUBLISHED:

গুৱাহাটীঃ   ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতে একাংশ অসাধু ফার্মাচীত নকল ঔষধ, পেচমেকাৰ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ অন্যান্য প্রান্ততত দূৰৰে কথা, খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতে নকল পেচমেকাৰ বিক্রী কৰি আহিছে৷ জি এম চি এইচ চৌহদত থকা মেছার্চ ৰ’দালি ড্রাগ্ছ নামৰ ফার্মাচীখনত বিক্রী কৰি আহিছিল নকল পেচমেকাৰ৷

জি এম চি এইচত চিকিৎসাধীন এজন ৰোগীৰ আত্মীয়ই ৰ’দালি ফার্মাচীৰ পৰা পেচমেকাৰটো ক্রয় কৰি চিকিৎসকক দিছিল৷ জি এম চি এইচৰ চিকিৎসকে ৰোগীগৰাকীক পেচমেকাৰটো লগাবলৈ লওঁতেই পেচমেকাৰটোত বিসংগতি ধৰা পৰে৷ চিকিৎসকে ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষক আৰু অধ্যক্ষক অৱগত কৰে৷ জি এম চি এইচৰ চিকিৎসকসকলে পেচমেকাৰটো নকল বুলি নিশ্চিত কৰে৷ নকল পেচমেকাৰটো ছেণ্ট জুড মেডিকেল নামৰ কোম্পানীটোৱে তৈয়াৰ কৰা৷

সমগ্র ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষকে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভঙাগড় থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ জি এম চি এইচ চৌহদৰ ফার্মাচীত নকল পেচমেকাৰ বিক্রী কৰি অহা বিষয়টো স্বাস্থ্য বিভাগে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

RELATED ARTICLES