peepl-small

গীতানগৰ থানাত ৭ বছৰে দৰমহা ল’লে দুই ভুৱা হোমগার্ডে

PUBLISHED:

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ভুৱা নথিপত্রৰে চাকৰি কৰি থকাৰ বহু অভিযোগ উত্থাপন হৈ আহিছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ খোদ গৃহ বিভাগতে জাল নথিপত্রৰে বহু বছৰ ধৰি চাকৰি কৰি থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ যোৱা ২ ফেব্রুৱাৰীত পানীখাইতীৰ গৃহৰক্ষী জোৱান প্রশিক্ষণ কেন্দ্রত শাৰীৰিক সক্ষমতাৰ পৰীক্ষা দিবলৈ আহি জাল নথিপত্র জমা দি আৰক্ষীৰ জালত পৰা দুই গৃহৰক্ষী জোৱানৰ ন ন তথ্য পোহৰলৈ আহিছে৷

কামৰূপ জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮/৪৭১ ধাৰাৰ অধীনত প্রাগজ্যোতিষপুৰ থানাত ৩০/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি গৃহৰক্ষী জোৱান অশোক কলিতা আৰু আতোৱাৰ আলীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

আৰক্ষীৰ জেৰাত দুই গৃহৰক্ষী জোৱানে ভুৱা নথিপত্রৰে মহানগৰ আৰক্ষীক সাত বছৰ চাকৰি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ চৰকাৰী সকলো সা–সুবিধা লৈ বিগত সাত বছৰ ধৰি মহানগৰ আৰক্ষীত কর্মৰত দুই গৃহৰক্ষী জোৱান অশোক আৰু আতোৱাৰ গীতানগৰ থানাৰ যান–বাহন শাখাত কর্মৰত আছিল৷ জাল নথিপত্র জমা দি কেনেদৰে সাত বছৰ ৰাজধানী চহৰ গুৱাহাটীৰ দৰে স্থানত মহানগৰ আৰক্ষীত কার্যনির্বাহ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ গৃহৰক্ষী বাহিনীৰ একাংশ শীর্ষ বিষয়াৰ পৃষ্ঠপোষকতাত অশোক আৰু আতোৱাৰৰ দৰে বহু গৃহৰক্ষী জোৱানে জাল নথিপত্রৰে কর্মৰত হৈ আছে বুলি আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷

ইফালে, মহানগৰ আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে ভুৱা গৃহৰক্ষী জোৱান অশোক কলিতা আৰু আতোৱাৰ আলীয়ে গীতানগৰ থানাৰ যান–বাহন শাখাত কার্যনির্বাহ কৰি থকাৰ সময়ত ভয়–ভাবুকিৰে বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ আছে৷ একাংশ শীর্ষ আৰক্ষী বিষয়াৰে মিতিৰালি কৰি অশোক আৰু আতোৱাৰে বিভিন্ন উৎসৰ পৰা ব্যাপক হাৰত ধন সংগ্রহ কৰিছিল বুলিও আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ জাল নথিপত্রৰে গৃহৰক্ষী জোৱানৰ চাকৰি লোৱা এই গোচৰটোৰ তদন্ত প্রক্রিয়া সঠিক দিশত আগবাঢ়িলে আৰক্ষীৰ বহু শীর্ষ বিষয়াও তদন্তৰ আওতালৈ আহিব৷

RELATED ARTICLES