peepl-small

গুৱাহাটী বিমান বন্দৰত গ্ৰেপ্তাৰ ভুৱা সেনা জোৱানৰ দল

PUBLISHED:

গুৱাহাটীঃ আজাৰাত গ্ৰেপ্তাৰ কৰা হৈছে এঘাৰজন ভুৱা সেনা জোৱান। সেনা জোৱানৰ বেশত এই দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত চলাই আহিছিল প্ৰবঞ্চনা। মূল প্ৰবঞ্চক ধিমন কৃষ্ণৰ নেতৃত্বত ভুৱা সেনা জোৱানৰ দলটোৱে গুৱাহাটী বিমান বন্দৰত টহল দি থকা সময়ত আৰক্ষীৰ জালত পৰে ।

ভুৱা সেনা জোৱানৰ দলটোৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন, পাঁচখন মটৰ চাইকেলকে ধৰি সেনাৰ ভুৱা পৰিচয় পত্ৰ জব্দ কৰিছে। এই প্ৰবঞ্চককেইটাই দীৰ্ঘদিনৰে পৰা গাড়ী, মটৰ চাইকেল, ইলেকট্ৰনিক সামগ্ৰী আদি বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰি আহিছিল বুলি জানিব পৰা গৈছে।

 

 

ইংৰাজীত পঢ়কঃ

ELEVEN FAKE ARMY JAWANS ARRESTED AT GUWAHATI AIRPORT

RELATED ARTICLES