peepl-small

নিউজ লাইভৰ এক্সক্লুছিভ সাক্ষাৎকাৰত শিহৰণকাৰী অভিজ্ঞতাৰ বর্ণনা অপহৃত ৰাম কুমাৰৰ

PUBLISHED:

গুৱাহাটীঃ ১০৬ দিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আলফা (স্বাধীন)–এ মুকলি কৰি দিলে কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰক৷ অৰুণাচলৰ চাংলাঙৰ কুইপ’ৰ ৰিগত কাম কৰি থকা অৱস্থাত যোৱা ২১ ডিচেম্বৰত অপহৰণ কৰি লৈ যোৱা কুমাৰ কালি সোঁশৰীৰে আহি উপস্থিত হয় অসম ভূমিত৷

সোমবাৰে পুৱাৰ ভাগতে ভাৰত–ম্যানমাৰ সীমান্তৱর্তী নাগালেণ্ডৰ লঙোৱা অঞ্চলত খোজকাঢ়ি আহি উপস্থিত হয় কুইপ’ৰ অপহূত বিষয়াজন৷ তেওঁ প্রকাশ কৰা অনুসৰি আলফাৰ এটা দলে তেওঁক বনাঞ্চলৰ মাজত লঙোৱাত উপস্থিত হোৱা পথ দেখুৱাই আঁতৰি গৈছিল৷ তাৰ পাছত তেওঁ আলফা সদস্যকেইজনে দেখুৱাই দিয়া পথেৰে আহি লঙোৱাত উপস্থিত হয়৷ আলফা সদস্যকেইজন আঁতৰি যোৱাৰ সময়ত কুমাৰক বাটত যাতে কোনো অসুবিধা নহয়, তাৰ বাবে হাতত গুঁজি দিছিল ২,০০০ টকা৷

পুৱা ৭.৩০ বজাত তেওঁক নাগালেণ্ডৰ মন জিলাৰ পৰা অসম ৰাইফলছে নিজৰ জিম্মাত লয়৷ পৰৱর্তী সময়ত কুমাৰক নাগালেণ্ড আৰক্ষী আৰু অসম ৰাইফলছে নামচা আৰক্ষী থানালৈ লৈ আহে৷ এই আৰক্ষী থানাতে সোণাৰিৰ পৰা যোৱা অসম আৰক্ষীৰ এটা দলক গতাই দিয়া হয় কুইপ’ৰ বিষয়াজনক৷ অসম আৰক্ষীয়ে কুমাৰৰ যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে নামতোলাস্থিত চি আৰ পি এফৰ ছাউনীত সাময়িক জিৰণিৰ বাবে ৰাখে৷

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত অৰুণাচলৰ পৰা কুইপ’ৰ আন এজন বিষয়া প্রণৱ কুমাৰ গগৈৰ সৈতে অপহৰণ কৰি নিয়া হৈছিল ৰাম কুমাৰক৷ কালি লঙোৱাত উপস্থিত হোৱাৰ পাছত ‘নিউজ লাইভ’ৰ দুই জ্যেষ্ঠ সাংবাদিক অনমিত্র গগৈ আৰু সুনীল বৰাৰ সৈতে হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰত অপহৰণ হৈ থকা কালছোৱাৰ শিহৰণকাৰী অভিজ্ঞতাৰ কথা প্রকাশ কৰে৷ দুই জ্যেষ্ঠ সাংবাদিকৰ কেইবাটাও প্রশ্ণৰ উত্তৰ দি ৰাম কুমাৰে কয় যে সম্প্রতি তেওঁ সম্পূর্ণ সুস্থ৷ মুকলি হোৱাৰ পাছত তেওঁ আনন্দিত৷

শীঘ্রে পৰিয়ালৰ ওচৰলৈ যাবলৈ তেওঁ আগ্রহী বুলি উল্লেখ কৰি কয়– ‘২১ ডিচেম্বৰত মোক কার্যালয়ৰ পৰা অপহৰণ কৰি নিয়াৰ পাছত প্রতিদিনে ২২ৰ পৰা ২৫ কিলোমিটাৰ জংঘলৰ মাজেৰে খোজ কাঢ়িবলৈ দিয়া হৈছিল৷ নিশাও জংঘলতে কটাইছিলোঁ৷ অৱশ্যে মোৰ লগত যোৱা আলফাৰ দলটোৱে মোক ভাল ব্যৱহাৰ কৰিছিল৷ এনেদৰে জংঘলৰ মাজতে বিগত দিনসমূহ মই অতিবাহিত কৰিছোঁ৷ দুই–তিনি দিনৰ মূৰে মূৰে আমি থকা স্থানসমূহ সলনি কৰা হৈছিল৷ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সদায় খোজ কাঢ়িবলগীয়া হৈছিল৷ খাদ্য হিচাপে ভাতৰ লগত লাভ কৰিছিলোঁ বনৰীয়া শাক–পাচলি, বেতৰ গছ আদি৷ কেতিয়াবাহে তেওঁলোকে মাংস খাবলৈ দিছিল৷ অৱশ্যে আমি নদীৰ পাৰ পালে তেওঁলোকে মাছ ধৰি ভাতৰ সৈতে খোৱাৰ ব্যৱস্থা কৰিছিল৷’

ইফালে যোৱা তিনি মার্চলৈকে সতীর্থ প্রণৱ কুমাৰ গগৈৰ সৈতে তেওঁক একেলগে ৰখা হৈছিল বুলি উল্লেখ কৰিছে ৰাম কুমাৰে৷ তিনি মার্চৰ পাছত দুয়োজনকে বেলেগ বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিছিল আলফা (স্বাধীন)–এ৷ এই প্রসংগত কুমাৰে দুই সাংবাদিকৰ প্রশ্ণৰ উত্তৰত কয়– ‘৪ মার্চত মোৰ ওচৰৰ পৰা আঁতৰাই নিয়া হৈছিল প্রণৱ কুমাৰ গগৈক৷ সেই সময়ত মই অত্যন্ত ভাগি পৰিছিলোঁ৷ অকলশৰীয়া অনুভৱ কৰি মই চকুপানী টুকিছিলোঁ৷ কিয়নো গগৈৰ সৈতে সুখ–দুখৰ কথা পতাৰ লগতে মোৰ সময় অতিবাহিত হৈছিল৷ আমাৰ লগত থকা আলফা (স্বাধীন)ৰ দলটোক মই বাৰে বাৰে সুধিছিলোঁ যে আমাক কিয় পৃথকে পৃথকে ৰখা হৈছে৷ সেই সময়ত তেওঁলোকে মোক কৈছিল যে আমাক মুক্তি দিয়াৰ প্রক্রিয়া আৰম্ভ হৈছে৷ যাৰ বাবে পৃথকে পৃথকে ৰখাৰ ব্যৱস্থা তেওঁলোকে কৰিছে৷ মই তেওঁলোকৰ কথাত বিশ্বাস কৰিছিলোঁ৷ তৎসত্ত্বেও দুই–এদিনৰ মূৰে মূৰে সুধিছিলোঁ যে আমাক কেতিয়া মুকলি কৰি দিয়া হ’ব৷ প্রতিবাৰে আলফা (স্বাধীন)ৰ দলটোৱে দুই–এদিন অপেক্ষা কৰিবলৈ আমাক আহ্বান জনাইছিল৷’

আলফা (স্বাধীন)ৰ কবলৰ পৰা মুকলি হোৱাৰ পাছতে এক নতুন জীৱন লাভ কৰাৰ দৰে অনুভৱ কৰিছে বুলি উল্লেখ কৰি তেওঁ পিতৃ–মাতৃ, বিহাৰবাসী, অসমবাসী আৰু সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰে৷

উল্লেখ্য যে ২০১৬ চনৰ জানুৱাৰী মাহত অসমলৈ প্রথমবাৰৰ বাবে কাম কৰিবলৈ আহিছিল৷ তেতিয়াৰে পৰা তেওঁ অসম আৰু অৰুণাচলৰ ভিন্ন প্রান্তত কাম কৰি আহিছে৷ যোৱা ২১ ডিচেম্বৰত অপহূত হোৱাৰ পাছত তেওঁৰ সৈতে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই যোগাযোগ কৰিছিল বুলি উল্লেখ কৰিছে ৰাম কুমাৰে৷

এই প্রসংগত তেওঁ কয়– ‘পৰেশ বৰুৱাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ অপহৰণৰ পাছতে তেওঁ মোক কৈছিল যে আপোনাৰ লগত মোৰ কোনো শত্রুতা নাই৷ শীঘ্রে আপোনাক সুস্থ শৰীৰে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব৷ আপুনি চিন্তা নকৰিব৷’

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অপহৰণৰ পাছতে ৰাম কুমাৰ আৰু প্রণৱ কুমাৰ গগৈক আলফা (স্বাধীন)ৰ সদস্যসকলৰ দৰে ৰখা হৈছিল৷ সামৰিক জোৱানৰ আর্হিত তেওঁলোকৰ চুলি কটোৱা হৈছিল৷ সকলো সময়তে পিন্ধিব দিয়া হৈছিল সামৰিক পোছাক৷ অপহৰণৰ পাছতে ৰাম কুমাৰ আৰু প্রণৱ কুমাৰ গগৈৰ ম’বাইল কাঢ়ি লৈছিল আলফা সদস্যই৷ সকলো সময়তে ২০–২১ বছৰীয়া ১০জনীয়া অস্ত্রধাৰী যুৱকৰ এটা দলে কুইপ’ৰ বিষয়া দুজনক পহৰা দিছিল৷ ইয়াৰে সাতজন আলফা সদস্য আৰু আন তিনিজন এন এছ চি এনৰ বুলি জানিব পৰা গৈছে৷ এই পহৰাদাৰী গোটটোৰ সৈতে প্রত্যক্ষ সম্পর্ক নাছিল আলফা (স্বাধীন)ৰ শীর্ষ নেতৃত্বৰ৷ বৰঞ্চ শীর্ষ নেতৃত্বই যোগাযোগ কৰিছিল আন এটা গোটৰ সৈতে৷ এই গোটটোৱেহে শীর্ষ নেতৃত্বৰ বার্তা পহৰাদাৰী গোটটোক অৱগত কৰিছিল৷ ৰাম কুমাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি আলফা (স্বাধীন)–এ কুইপ’ৰ পৰা ধন দাবী কৰা তথা এই ধন নিদিলে চৰম শাস্তি প্রদান কৰা হুমকি সন্দর্ভত তেওঁ অৱগত নাছিল৷ মাজে মাজে পহৰাদাৰী আলফাসকলক ঘৰৰ সদস্যৰ সৈতে ফোনেৰে যোগাযোগ কৰি দিবলৈ অনুৰোধ জনাইছিল যদিও ৰাম কুমাৰৰ প্রতি কোনো সঁহাৰি পহৰাদাৰী গোটটোৱে প্রদান কৰা নাছিল৷

ইপিনে, দুদিন পূর্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কুমাৰক ফোনযোগে তেওঁক মুকলি কৰি দিয়া হ’ব বুলি অৱগত কৰিছিল৷ আনহাতে, তেওঁ পুনৰ কুইপ’ৰ চাকৰিত যোগদান কৰিব বুলি  সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে৷

লক্ষণীয় যে পিতৃ–মাতৃ আৰু পত্নী–দুই সন্তানক লৈ এতিয়াও চিন্তিত ৰাম কুমাৰ৷ তেওঁৰ পুত্র কর্কট ৰোগত আক্রান্ত৷ সেয়েহে শীঘ্রে বিহাৰৰ খাগড়ীয়া জিলাৰ বাসগৃহলৈ যাবৰ বাবে উদ্বাউল হৈ আছে বুলি তেওঁ সদৰী কৰিছে৷

RELATED ARTICLES