গুৱাহাটীঃ এইবাৰ এভাৰেষ্টতো পালেগৈ ক’ৰোনা। বিশ্বৰ সর্বোচ্চ শৃংগ হৈছে এভাৰেষ্ট, সেই পর্যন্ত কেনেকৈ পালেগৈ ক’ৰোনা? জনা গৈছে, এজন পর্বতাৰোহীৰ শৰীৰত পোৱা গৈছে ক’ৰোনা।
পৰ্যটনৰ ওপৰত নিৰ্ভৰ নেপালে মাৰাত্মক কৰোনা সংক্ৰমণৰ মাজতো পৰ্বতাৰোহীসকলক এভাৰেষ্টলৈ যাবলৈ অনুমতি দিছিল। হঠাতে এজন পৰ্বতাৰোহী অসুস্থ হৈ পৰিল। তেওঁক হেলিকপ্টাৰেৰে নেপালৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতেই তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাৰ ফলাফল ইতিবাচক হয়।
উল্লেখ্য যে বেছ কেম্পৰ সকলো পৰ্বতাৰোহীৰ কৰোনা পৰীক্ষা কৰা হৈছিল। প্ৰায় আধা পৰ্বতাৰোহীৰ ৰিপৰ্ট পজিটিভ আহে।