peepl-small

পিতৃ–মাতৃৰ সন্মুখতেই বনহস্তীয়ে গচকি মাৰিলে কিশোৰক

PUBLISHED:

গুৱাহাটীঃ বিশ্ব পৰিৱেশ দিৱসৰ প্রাক্মুহূর্তত কালি মাজনিশা মহানগৰীৰ সাতগাঁও থানা এলেকাৰ আমচিং চাহ বাগিচাত সংঘটিত হ’ল এক কৰুণ ঘটনা৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীৰ গচকত পিতৃ–মাতৃৰ সন্মুখতে ১১ বছৰীয়া কিশোৰ পুত্রৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ডেৰবছৰীয়া শিশু সন্তান৷

জানিব পৰা মতে শনিবাৰে মাজনিশা আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীটোৱে চাহ বাগিচাখনৰ বাসিন্দা জীৱন কুৰুৱা নামৰ লোকজনৰ বাসগৃহত আক্রমণ কৰে৷ বন্যহস্তীটোৱে প্রথমে জীৱন কুৰুৱাৰ ঘৰৰ চৌহদৰ বেৰ ভাঙি পেলায়৷ বন্যহস্তীৰ আক্রমণৰ উমান পাই জীৱন কুৰুৱা আৰু তেওঁৰ পত্নীয়ে দুই সন্তানক লৈ বাসগৃহৰ পৰা পলায়নৰ চেষ্টা চলায়৷ পৰিয়ালটোৱে দৌৰি প্রাণ বচাবলৈ চেষ্টা কৰাৰ সময়তে বন্যহস্তীটোৱে পৰিয়ালটোৰ ওপৰত আক্রমণ কৰে৷

বন্যহস্তীৰ আক্রমণৰ ফলত জীৱন কুৰুৱাৰ ১১ বছৰীয়া পুত্র মাধৱ কুৰুৱা আৰু ডেৰ বছৰীয়া শিশুটি পৰি যায়৷ বন্যহস্তীৰ গচকত পুত্র মাধৱ কুৰুৱা থিতাতে নিহত হয় আৰু কণমানি ডেৰ বছৰীয়া শিশু চানি কুৰুৱা গুৰুতৰভাৱে আহত হয়৷ এই কৰুণ ঘটনা নিৰাপদ দূৰত্বৰ পৰা প্রত্যক্ষ কৰাৰ বাদে সেই সময়ত আন একো পথ নাছিল অসহায় পিতৃ–মাতৃৰ বাবে৷

পৰৱর্তী সময়ত বন্যহস্তীটোৱে উক্ত স্থান ত্যাগ কৰাৰ পাছত পিতৃ–মাতৃ আৰু স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হয় আৰু অতি সংকটজনক অৱস্থাত ডেৰ বছৰীয়া শিশু চানি কুৰুৱাক চিকিৎসালয়লৈ লৈ যায়৷ পুৱাৰ ভাগতহে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ইয়াকে লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে৷

RELATED ARTICLES