peepl-small

মুখ্যমন্ত্ৰীৰ ঢেৰেকনিৰ পাছত পুনৰ ধৰা পৰিল বিদ্যুৎ চুৰি

PUBLISHED:

গুৱাহাটী:   তেজপুৰত মঙলবাৰে তেজপুৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া, আই আৰ চি এ আৰু টি এণ্ড চি বিভাগৰ এটা দলে আকস্মিক অভিযান চলাই মেচাৰ্ছ ব্ৰহ্মপুত্ৰ পেপাৰ নামৰ উদ্যোগটোৱে (সংযোগিত ল’ড – ৬৩৬ কিলোৱাট) বিদ্যুৎ চুৰি কৰা ধৰা পেলায়।

পৰিদৰ্শনৰ সময়ত তেওঁলোকে মিটাৰিং চাৰ্কিটৰ ৭ ক’ৰ কেবলৰ লগত এক বাহিৰা চাৰ্কিট সংযোগ কৰাটো ধৰা পেলায়। এই চাৰ্কিটটো মিটাৰৰ ওচৰৰ এডাল জি আই পাইপৰ‌ ভিতৰত লুকুৱাই থোৱা আছিল। মিটাৰিং চাৰ্কিট টেম্পাৰিৎ কৰাৰ অপৰাধত লগে লগে সেই প্ৰতিষ্ঠানৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয় আৰু এজাহাৰো দাখিল কৰা হয়।

ইতিমধ্যে এই অপৰাধৰ বাবে প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰি ২.৪৬ কোটি টকাৰ এক এছেছমেন্ট বিল প্ৰস্তুত কৰি প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা হৈছে।

RELATED ARTICLES