peepl-small

বিদ্যুৎ বিল আদায় নিদিয়া চৰকাৰী কর্মচাৰীৰ দৰমহাৰ পৰা কর্তন হ’ব ধন

PUBLISHED:

গুৱাহাটীঃ  শক্তি বিভাগৰ অধীনস্থ তিনিটা প্রতিষ্ঠান ক্রমে এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এলৰ কাম–কাজৰ আজি পর্যালোচনা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই বৈঠকখনে তিনিওটা প্রতিষ্ঠানক লাভজনক প্রতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ ল’বলগীয়া পদক্ষেপ সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ সেই অনুসৰি যোৱা ৩১ মার্চ পর্যন্ত তিনিওটা শক্তি প্রতিষ্ঠানে ৰাজ্য চৰকাৰৰ পৰা গ্রহণ কৰা ঋণ চৰকাৰৰ অংশীদাৰিত্বলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ পৰৱর্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্রাপ্য লাভালাভ প্রদান সন্দর্ভত এখন জাননী শীঘ্রে জাৰি কৰিবলৈ আজিৰ বৈঠকখনতে বিত্ত বিভাগক নির্দেশ দিয়ে৷ সমান্তৰালভাৱে চৰকাৰী বিভাগসমূহে এ পি ডি চি এলক দিবলগীয়া বকেয়া বিল তাৎক্ষণিকভাৱে আদায় দিয়াৰ বাবে বিত্ত বিভাগক নির্দেশনা দিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশনা দিয়ে৷

ইপিনে বৈঠকত মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ ৬৩ লাখ বিদ্যুৎ উপভোক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এক উপযুক্ত ডাটাবেচ তৈয়াৰ কৰাৰ নির্দেশ দিয়ে, যাতে এক উন্নত বিলিং ছিষ্টেম গঢ়ি তুলি ৰাজহ আদায়ৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যায়৷ ড০ শর্মাই লগতে অতি সোনকালে ঔদ্যোগিক তথা ব্যৱসায়িক কেন্দ্রসমূহৰ ডিষ্ট্রিবিউচন ড্রেন্সফর্মাৰসমূহত্ বৈদ্যুতিক মিটাৰ স্থাপনৰ বাবে নির্দেশ দিয়ে৷ প্রাৰম্ভিকভাৱে ৫০০টা ডিষ্ট্রিবিউচন টেন্সফর্মাৰত অগ্রাধিকাৰৰ ভিত্তিত মিটাৰ স্থাপন কৰি লাভ–লোকচানৰ বিষয়টো পর্যালোচনা কৰাৰ বাবে তেওঁ আহ্বান জনায়৷ তেওঁ লগতে অহা ১৫ দিনৰ ভিতৰত সকলো ঔদ্যোগিক প্রতিষ্ঠানৰ সুনির্দিষ্ট স্থানত সকলোৱে প্রত্যক্ষ কৰিব পৰাকৈ বৈদ্যুতিক মিটাৰ স্থাপনৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ ঔদ্যোগিক তথা ব্যৱসায়ী উপভোক্তাসকলক সংযোগী সকলো বিতৰণ টেন্সফর্মাৰে যাতে লাভ সৃষ্টি কৰিব পাৰে, সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ এ পি ডি চি এলক নির্দেশ দিয়ে৷

এই বৈঠকতে মুখ্যমন্ত্রীয়ে এ পি ডি চি এলৰ বিভিন্ন ক্ষেত্র কার্যালয়ৰ বিষয়াসকলৰ বদলি কেৱল মেধা আৰু যোগ্যতাৰ ভিত্তিত প্রদানৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রতিষ্ঠানকেইটাক লাভজনক প্রতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে গুজৰাটৰ লেখীয়া প্রযুক্তিগত আর্হি গ্রহণৰ নির্দেশ দিয়ে৷ এইক্ষেত্রত প্রযুক্তিগতভাৱে গুজৰাটৰ লেখীয়া মিটাৰিং, বিলিং, কালেকচনৰ আর্হি গ্রহণৰ লগতে এই ব্যৱস্থাৰ এক প্রেজেণ্টেচন দাঙি ধৰিবলৈও নির্দেশ দিয়ে৷ কোম্পানীকেইটাৰ মাইক্র’লেভেল পর্যায়ত পর্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰোৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ কোম্পানীকেইটাক সম্পূর্ণ বৃত্তিগতভাৱে লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰকৰণৰ পৰিকল্পনা যুগুত কৰাৰ বাবেও বৈঠকখনত সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকখনত সকলো বিল আদায় নিদিয়া উপভোক্তাৰ নাম, বৃত্তি ইত্যাদি সামৰি এক বিস্তৃত প্রতিবেদন প্রস্তুত কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

এইক্ষেত্রত চৰকাৰী কর্মচাৰীয়ে বিদ্যুৎ বিল আদায় নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডি’সকলৰ জৰিয়তে কর্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কর্তনৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ বিদ্যুৎ বিভাগৰ গোচৰসমূহ ৰুজু কৰাৰ বাবে পূর্বৰ কেইখনমান বিশেষ এ এছ ই বি আৰক্ষী থানাৰ কর্তৃত্ব থকাৰ বিপৰীতে এতিয়াৰ পৰা সকলো স্থানীয় আৰক্ষী থানাকে এ পি ডি চি এল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ বাবে জাননী জাৰি কৰিবলৈ গৃহ বিভাগক মুখ্যমন্ত্রীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে আগন্তুক ৫ বছৰৰ ভিতৰত শক্তি বিভাগৰ আটাইকেইটা কোম্পানীকে গুজৰাটৰ লেখীয়া প্রযুক্তিগতভাৱে তথা লাভজনকভাৱে সমপর্যায়ৰ কোম্পানীলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ আজিৰ এই পর্যালোচনা বৈঠকত শক্তি বিভাগৰ মন্ত্রী বিমল বৰা, তিনিওটা কোম্পানীৰ অধ্যক্ষ ভি কে পিপাৰচেনিয়া, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মা, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, এ ই জি চি এলৰ পৰিচালন সঞ্চালক ধ্রুৱজ্যোতি হাজৰিকা আৰু এ পি জি চি এলৰ পৰিচালন সঞ্চালক কল্যাণী বৰুৱাকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES