peepl-small

প্রত্যেক থানাতে ৰুজু হ’ব বিদ্যুৎ চুৰিৰ গোচৰ

PUBLISHED:

গুৱাহাটীঃ বৃহৎ পৰিমাণৰ অনাদায় বিলৰ বাবে বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা শক্তি বিভাগৰ অধীনস্থ তিনিওটা প্রতিষ্ঠানক লাভজনক অৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে কঠোৰ ব্যৱস্থা৷ অনাদায় বিল সংগ্রহৰ লগতে বিদ্যুৎ চুৰি ঘটনা ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে শক্তি বিভাগ৷ ইয়াৰ অংশ হিচাপে অসম আৰক্ষীৰ সহযোগত গাঁৱে–ভূঞে, চহৰে–নগৰে বিভাগটোৱে আৰম্ভ কৰিছে অভিযান৷ ইয়াৰ অংশ হিচাপে যোৱা জুন মাহত বিল আদায় নিদিয়া ১,১১,০০০টা সংযোগ কর্তন কৰিছে বিভাগটোৱে৷ তদুপৰি বিদ্যুৎ চুৰি ঘটনাৰ বাবে ৬২১খন এজাহাৰ দাখিল কৰাৰ লগতে ১৪.৯৯ কোটি টকাৰ জৰিমনা বিহিছে শক্তি বিভাগে৷

শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, গৃহ, শক্তি আদি বিভাগৰ প্রধান সচিব নিৰজ বার্মাৰ উপস্থিতিত এখন যৌথ সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ পৰিচালক সঞ্চালক ৰাকেশ কুমাৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি সংযোগ কর্তন কৰাসকলৰ বহুসংখ্যকে ইতিমধ্যে অনাদায় মাচুল আদায় দিছে৷ কর্তন কৰা সংযোগসমূহৰ বিপৰীতে পাবলগীয়া ধনৰ পৰিমাণ হৈছে ৮৪ কোটি৷ ইয়াৰে ২৭ কোটি টকা ইতিমধ্যে আদায় দিছে৷ সেয়েহে জুন মাহত ৪৮,১৭২টা পুনৰ সংযোগ প্রদান কৰা হৈছে৷

ইপিনে, জৰিমনা বিহা হৈছে প্রায় ১৪.৯৯ কোটি টকাৰ৷ ইয়াৰে প্রায় ২ কোটি টকা ইতিমধ্যেই সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ বিগত মাহটোত ৰাজ্যখনৰ ভিন্ন প্রান্তত মুঠ ১,৯০৪ স্থানত তালাচী চলাইছিল শক্তি বিভাগে৷ বিদ্যুৎ চুৰি কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি কুমাৰে কয়– ‘বৃহৎ উদ্যোগসমূহৰ ক্ষেত্রত অনাদায় বিলৰ বাবে সংশ্লিষ্ট ট্রান্সফর্মাৰ ছীল কৰি দিয়া হ’ব৷ ৰাইজক ২৪ ঘণ্টাই বিজুলী যোগান ধৰিবলৈ হ’লে আন্তঃগাঁথনিৰ প্রয়োজন৷ এই আন্তঃগাঁথনি গঢ়িবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব লাগিব৷ সেয়ে সময় মতে ৰাইজে বিল আদায় দিলেহে এই আন্তঃগাঁথনি গঢ়ি তুলিব পৰা যাব৷ তদুপৰি এ পি ডি চি এলে কেন্দ্রীয় খণ্ডৰ পৰা যথেষ্ট শক্তি ক্রয় কৰে৷ যদি শক্তি ক্রয়ৰ বাবদ সময় মতে ধন আদায় নিদিয়ে, তেতিয়াহ’লে বকেয়া ধনৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হয়৷’

ইপিনে, সংবাদ মেলত আৰক্ষী সঞ্চালকপ্রধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই ৰাইজক বিদ্যুৎ চুৰিৰ ঘটনাত লিপ্ত নহ’বলৈ আহ্বান জনাই কয় যে ৰাইজক প্রতিমুহূর্তত বিদ্যুৎ যোগান ধৰিবলৈ হ’লে যথেষ্ট ব্যয় কৰিবলগীয়া হয়৷ জুন মাহত বিশেষ অভিযান চলোৱাৰ বাবে ৫০২ কোটি টকা মাচুল সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ চাহিদা পূৰণ কৰিবলৈ শক্তি বিভাগে বাহিৰৰ পৰা যথেষ্ট বিদ্যুৎ ক্রয় কৰিব লাগে৷ ইয়াৰ বাবদ বৃহৎ পৰিমাণৰ ধন ব্যয় হয়৷ চৰকাৰে ইয়াৰে নূ্যনতম এটা অংশহে ৰাজসাহায্য হিচাপে প্রদান কৰে৷ সেয়েহে বিদ্যুৎ চুৰি কৰি থাকিলে কাৰোবাৰ ব্যক্তিগতভাৱে লাভ হ’ব যদিও ৰাজ্যৰ লাখ লাখ মানুহৰ অপকাৰ হ’ব৷ ৰাজ্যত বিদ্যুৎ চুৰিৰ প্রৱণতা বৃদ্ধি পোৱাৰ বাবে আটাইতকৈ লোকচান হৈছে বুলি উল্লেখ কৰি মহন্তই কয়– ‘পূর্বে মাত্র ৫খন থানাতহে বিদ্যুৎ চুৰিৰ গোচৰ ৰুজু হৈছিল৷ কিন্তু মুখ্যমন্ত্রীয়ে ৰাজ্যৰ প্রতিখন থানাকে বিদ্যুৎ চুৰিৰ গোচৰ ৰুজু কৰিবলৈ কর্তৃত্ব প্রদান কৰিছে৷ সেয়েহে বিদ্যুৎ চুৰিৰ ঘটনা হ’লেই ৰাজ্যৰ প্রতিখন থানাত এতিয়াৰে পৰা গোচৰ ৰুজু হ’ব৷ আমি এই গোচৰসমূহৰ ভিত্তিত সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ এছ অ’ পি প্রকাশ কৰিম৷

গোচৰ ৰুজু হোৱাৰ পাছত অনাদায় মাচুল আদায় দিলে তেওঁৰ বিৰুদ্ধে গোচৰ প্রত্যাহাৰ কৰা বিষয়টো বিবেচনা কৰা হ’ব, কিন্তু যিসকলে মাচুল আদায় নিদিয়ে, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ বিদ্যুৎ কর্তন কৰিবলৈ যোৱা কর্মচাৰীক আক্রমণ কৰিলে আৰক্ষী কঠোৰ হ’ব৷’ ইফালে, ৰাজ্যত ক্রমে চাইবাৰ অপৰাধ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি শেহতীয়ভাৱে মুকলি কৰা চাইবাৰ অপৰাধ নিয়ন্ত্রণ ব্যৱস্থাৰ জৰিয়তে সক্রিয় পদক্ষেপ লোৱা বুলিও তেওঁ উল্লেখ কৰে৷ এই ব্যৱস্থা মুকলি কৰাৰ পাছত বিগত চাৰি দিনত মুঠ ১১২টা গোচৰ ৰুজু হৈছে৷ ইতিমধ্যে ইয়াৰ চাৰিটা গোচৰৰ সমাধান কৰা হৈছে৷ তদুপৰি ডার্ক ৱেবত প্রৱেশেৰে চাইবাৰ অপৰাধ নিয়ন্ত্রণৰ বাবেও অসম আৰক্ষী প্রস্তুত হৈছে বুলি তেওঁ উল্লেখ কৰে৷ সংবাদ মেলত উপস্থিত থকা শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মাই কয় যে বিদ্যুতৰ অনাদায় মাচুল আদায়ৰ বাবে অভিযান অব্যাহত থাকিব৷

RELATED ARTICLES