peepl-small

নির্বাচনী ফলাফল পর্যালোচনা কৰি অব্যাহতি দিয়া হ’ব বিজেপিৰ ৰাজ্যিক–মণ্ডলৰ বহু বিষয়ববীয়াক

PUBLISHED:

গুৱাহাটী: সংখ্যালঘু মর্চাৰ পাছত এইবাৰ বিজেপিৰ ৰাজ্যিক, জিলা আৰু মণ্ডল পর্যায়ৰ বহু বিষয়ববীয়াক নিজৰ পদবীৰ পৰা অব্যাহতি দিয়া হ’ব বুলি ইংগিত দিছে নৱনিযুক্ত মন্ত্রী তথা দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ বঙাইগাঁৱত ক’ভিড পৰিস্থিতি অধ্যয়নৰ বাবে উপস্থিত হৈ সাংবাদিকৰে হোৱা বার্তালাপত নিজ নিজ অঞ্চলত দলৰ সাংগঠনিক ভিত্তি নথকা নেতাসকলে আগন্তুক দিনত নিজৰ পদবী হেৰুৱাবলগীয়া হ’ব বুলি জানিব দিয়ে৷

শেহতীয়াভাৱে সংখ্যালঘু মর্চা ভাঙি দিয়া প্রসংগত তেওঁ কয় যে সংখ্যালঘু মর্চাৰ সমিতি থকা বহু বুথ কেন্দ্রত দলে দহকৰ অংক স্পর্শ কৰিবলৈ সক্ষম নহ’ল ৷ সংখ্যালঘু মর্চাৰ বিশজনীয়া সমিতি থকা সত্ত্বেও কেন্দ্রসমূহত নূ্যনতম ভোট কৰাৰ ফলত কর্মকর্তাসকলে মিত্রজোঁটৰ সপক্ষে ভোটদান নকৰাটো নিশ্চিত হৈছে৷ গতিকে সমিতিখন থকাৰ বাবে যদি দল একো লাভৱান নহয়, তেন্তে এনে সমিতি থকাতকৈ নথকাই ভাল৷

নির্বাচনৰ প্রায় চাৰি মাহ পূর্বে অনুষ্ঠিত বৈঠকত সংখ্যালঘু মর্চাই ভাল ফলাফল নকৰিলে ৰাজ্যিক সমিতিয়ে ভংগ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ইয়াক শেহতীয়াভাৱে কার্যকৰী কৰা হৈছে ৷ এওঁলোকে এতিয়াৰে পৰা বিজেপি কর্মী হিচাপে কাম–কাজ কৰিব লাগিব৷ সংখ্যালঘু মর্চা পুনৰ গঠন কৰা হয় নে নহয় সেয়া সময়তহে দেখা যাব৷

কেৱল সংখ্যালঘু মর্চাই নহয় বিজেপি বা মিত্রজোঁটৰ প্রার্থীয়ে ভাল ফলাফল প্রদর্শন কৰিবলৈ সক্ষম নোহোৱা বুথ সমিতিসমূহো ভাঙি দিয়াৰ বাবে নির্দেশ জাৰি কৰা বুলি তেওঁ জানিব দিয়ে৷ ইফালে, দলৰ ৰাজ্যিক, জিলা আৰু মণ্ডল পর্যায়ৰ বিষয়ববীয়াসকলোৰ নিজা বুথ কেন্দ্রত মিত্রজোঁটৰ ফলাফল বেয়া হ’লে তেওঁলোককো নিজ পদবীৰ পৰা অব্যাহতি দিয়া হ’ব বুলি ৰাজ্যিক সভাপতি দাসে জানিব দিয়ে৷

ইফালে, ক’ভিড পৰিস্থিতিৰ মাজত ৰাজ্যত মূল্যবৃদ্ধি হোৱা নাই বুলি তেওঁ মন্তব্য কৰে ৷ আনহাতে, নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি হোৱা বুলি যোগান বিভাগক মিছাতে দোষাৰোপ কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যত মূল্যবৃদ্ধিৰ বাবে যোগান বিভাগক সদায় দোষাৰোপ কৰি অহা হয় ৷ কিন্তু শাক–পাচলিকে ধৰি অন্যান্য সা–সামগ্রীসমূহ যোগান বিভাগৰ অধীনত নহয়৷ কেৱল নিমখহে যোগান বিভাগৰ নিত্য প্রয়োজনীয় সামগ্রীৰ ভিতৰত আছে ৷ আনহাতে, ৰাজ্যত বজাৰ মূল্য নিয়ন্ত্রণাধীন বুলি দাবী কৰি পশ্চিমবংগত মচুৰ দাইল ১০৪ টকা যদিও অসমত প্রতি কেজি মচুৰ দাইলৰ দাম ৯০ টকা বুলি উদাহৰণ দাঙি ধৰে৷

ৰাজ্যখনত দেখা দিয়া ক’ৰোনাৰ ব্যাপক সংক্রমণৰ দুর্যোগৰ সুযোগ লৈ ব্যৱসায়ী মহল যাতে নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ প্রতিও ৰাইজক লক্ষ্য ৰাখিবলৈ আহ্বান জনায় মন্ত্রীজনে৷ মন্ত্রীজনে কয় যে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে অসমৰ প্রতিজন মন্ত্রীক ৰাজ্যখনৰ বিভিন্ন জিলাত নিয়োগ কৰা হৈছে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ৷ সেই অনুসৰি তেওঁৰ দায়িত্বত থকা বঙাইগাঁও জিলাত শুকুৰবাৰে ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ বঙাইগাঁও জিলা প্রশাসনে ক’ভিড মোকাবিলা কৰাৰ কাৰণে যিবোৰ ব্যৱস্থা হাতত লৈছে তাক লৈ মন্ত্রীজনে সন্তোষ ব্যক্ত কৰে ৷ ক’ভিড আক্রান্ত ৰোগীসকলক একেলগে নাৰাখি সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাৰ বাবে জিলা প্রশাসনে লোৱা পদক্ষেপক শলাগ লয়৷ জিলাখনত ক’ভিড ৰোগীৰ পর্যাপ্ত পৰিমাণৰ বিছনা থকা বুলি মন্ত্রীজনে জনায়৷

তেওঁ জনোৱা অনুসৰি জিলাখনত ক’ভিড ৰোগীৰ বাবে মুঠ ৩২৪খন বিছনা আছে আৰু অতিৰিক্ত ৩২০খন বিছনাৰ ব্যৱস্থা কৰা বুলি জনায়৷ তদুপৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ২০খন আইচিইউ বিছনা আৰু অক্সিজেন উৎপাদন প্রকল্প অতিশীঘ্রে আৰম্ভ কৰা হ’ব বুলিও মন্ত্রীজনে জনায় ৷ ইয়াৰ পূর্বে মন্ত্রীজনে বঙাইগাঁও আৱর্ত ভৱনত উপস্থিত হৈ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াবর্গৰে বৈঠকত মিলিত হয় ৷ বৈঠকত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্রিয়া, জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ লগতে আৰু কেইবাজনো বিষয়া উপস্থিত থাকে৷

RELATED ARTICLES