peepl-small

টংলা পৌৰসভাৰ নিষ্ঠুৰতাঃ বাঁহগছ কটাৰ ফলত মৃত্যু শ শ বগলীৰ

PUBLISHED:

গুৱাহাটীঃ টংলা পৌৰসভাৰ একাংশ বিবেকহীন বিষয়াৰ বৰ্বৰ কাণ্ড। অদ্ভুত যুক্তিৰে শ শ বগলীক হত্যা। নিঠৰুৱা হ’ল বহু বগলী পোৱালি।

টংলা চহৰৰ এক নং ৱাৰ্ডৰ বাসিন্দা লোকজিত সুতাৰৰ ব্যক্তিগত মাটিত থকা এজোপা বাঁহত আশ্ৰয় লৈছিল শ শ বগলীয়ে। বগলীজাকক দৈনিক খাদ্যৰো যোগান ধৰিছিল পৰিয়ালটোৱে।
কিন্তু সেয়া সহ্য নহ’ল পৌৰসভাৰ একাংশ বিষয়া-কৰ্মচাৰীৰ। পৌৰসভাৰ নিৰ্দেশত বৃহস্পতিবাৰে কাটি পেলোৱা হয় বাঁহজোপা। পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ দাবী-বগলীজাকৰ ফলত বৃদ্ধি পাব পাৰে ক’ৰোনাভাইৰাছৰ সংক্ৰমণ।

বাঁহজোপা কাটি পেলোৱাৰ ফলত শ শ বগলীৰ মৃত্যু হোৱাৰ লগতে আশ্ৰয়হীন হৈ পৰে বহু বগলী।

এই ঘটনাত মৰ্মাহত প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল-সংগঠনে বিচাৰিছে দোষী বিষয়া-কৰ্মচাৰীৰ শাস্তি।

আনহাতে,  বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টো তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES