peepl-small

২৫ মে’ৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল’ব শিক্ষা বিভাগেঃ ৰণোজ পেগু

PUBLISHED:

গুৱাহাটী:  ৰাজ্যখনত দ্রুত হাৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷ এই বছৰ হ’বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত হ’ব, তাক লৈ সকলো উদ্বিগ্ন হৈ থকাৰ সময়তে পৰীক্ষার্থীসকলৰ লগতে অভিভাৱকসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে৷

অৱশ্যে সকলো নির্ভৰ কৰিব ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত৷ ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দেওবাৰে মেট্রিক পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত কৰিব পৰা যায়, সেই সম্পর্কত ছেবাৰ কার্যালয়ত উপস্থিত হৈ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিৰ সৈতে এক বৈঠকত মিলিত হয়৷ দীর্ঘসময় ধৰি চলা এই বৈঠকত হঠাৎ পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই কিদৰে সুচাৰুৰূপে পৰীক্ষা পৰিচালনা কৰিব পাৰিব, সেই সম্পর্কতো আলোচনা কৰে৷ এই সম্পর্কত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত কৰিব পৰা যাব, সেয়া সম্পূর্ণৰূপে ক’ভিড পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰিব৷ অৱশ্যে আমি আশাবাদী অচিৰেই পৰিস্থিতিৰ উন্নতি হ’ব৷ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূর্ণভাৱে সাজু৷ ১৫ দিনৰ ভিতৰত জাননী দিয়েই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব৷ স্বাস্থ্য বিভাগৰ অনুমতি লৈ গাইড লাইন অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব৷

অৱশ্যে এতিয়ালৈ এই সম্পর্কত কোনো সিদ্ধান্ত লোৱা নাই৷ তেওঁ জানিবলৈ দিয়া মতে, ইতিমধ্যে ৰাজ্যৰ পৰীক্ষা কেন্দ্রলৈ ছেবাই উত্তৰ বহী প্রেৰণ কৰিছে৷ কেৱল প্রশ্নকাকত আৰু ছিট প্লেন লগাবলৈহে বাকী আছে৷ অহা ২৫ মে’ৰ ভিতৰত ছবিখন পৰিষ্কাৰ হৈ পৰিব বুলি উল্লেখ কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে প্রয়োজন সাপেক্ষে এইবাৰ মেট্রিক পৰীক্ষাত ৬টা বিষয়ৰ ভিতৰত ছাত্র–ছাত্রীসকলৰ পছন্দ অনুসৰি তিনিটা বিষয়ক লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীসকলকো সকাহ দিয়াৰ উদ্দেশ্যে তিনিটা বিষয় বাছনি কৰাৰ সুবিধা দিব শিক্ষা বিভাগে৷ অৱশ্যে এয়া কেৱল বিবেচনাহে কৰি আছে, চূড়ান্ত সিদ্ধান্ত লোৱা নাই৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’লে মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷

উল্লেখ্য যে এইবাৰ হাইস্কুল আৰু হাইমাদ্রাছা পৰীক্ষাত ৪,৩৮,৭৮৩গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ইপিনে মাধ্যমিক টেটৰ সংশোধিত পৰীক্ষাৰ ফলাফল এসপ্তাহৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰে৷

RELATED ARTICLES