peepl-small

মিজোৰামগামী সুৰাৰ গাড়ীত ৰাইজৰ বাধা

PUBLISHED:

হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্তত পুনৰ উত্তেজনা৷ সীমান্তৱর্তী ধলছেডাত অসম আৰক্ষী–স্থানীয় লোকৰ মাজত সংঘাতক লৈ কালি সন্ধিয়াৰ পৰা উত্তেজনা অব্যাহত আছে৷ ঘটনাৰ বিৱৰণী অনুযায়ী, কালি দিনৰ ভাগত অসম যুৱ পৰিষদৰ অর্থনৈতিক অৱৰোধৰ পাছত সন্ধিয়া অসম আৰক্ষীৰ জোৱানে বিদেশী সুৰাৰ গাড়ী মিজোৰামলৈ পঠিওৱাৰ চেষ্টা চলোৱাত স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্রাম সমিতৰ সদস্যই বাধা প্রদান কৰে৷ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে৷

তদুপৰি ৰাইজৰ বাধা ৰোধ কৰিবলৈ আৰক্ষী–জনতাৰ খণ্ডযুদ্ধত কেইবাগৰাকী যুৱক আহত হয়৷ ধলছেড়া বি অ’ পিৰ আৰক্ষী জোৱানে বিদেশী সুৰা কঢ়িয়াই লৈ অহা কার্গো ভেন মিজোৰামলৈ পঠিওৱাৰ চেষ্টা কৰাত জনতাই গাড়ীখন ভাঙি চূৰমাৰ কৰে৷ আৰক্ষীৰ বন্দুকৰ খুন্দাত ধলছেড়াৰ আলিম উদ্দিন (৩৫) নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়৷ পাছত তেওঁক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ পঠিওৱা হয়৷ এই ঘটনাৰ পাছতে হাইলাকান্দিৰ সীমান্তৱর্তী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷

RELATED ARTICLES