peepl-small

ফটাশিলত ড্রাগ্ছসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী:  মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীয়ে আজি ড্রাগ্ছসহ এজন সৰবৰাহকাৰী যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকজন বৰপেটা জিলাৰ গৰৈমাৰী পথাৰৰ মেহেবুব ইছলাম (৩২) বুলি জানিব পৰা গৈছে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী যুৱকজনে ড্রাগ্ছখিনি বিক্রী কৰাৰ বাবে লৈ অনাৰ সময়তে আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰী যুৱকজনৰ পৰা প্রায় ১০ গ্রাম হেৰ’ইন আৰু এটা ছিৰিঞ্জসহ কিছু নগদ ধন আৰু ম’বাইল ফোন জব্দ কৰে৷

RELATED ARTICLES