peepl-small

নুনমাটিত ড্রাগছসহ দম্পতীক গ্রেপ্তাৰ

PUBLISHED:

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ এই অভিযানৰ অংশ হিচাপে গীতানগৰ আৰক্ষীয়ে শনিবাৰে নিশাৰ ভাগত অভিযান চলাই নুনমাটি উদয়নগৰ অঞ্চলৰ পৰা ড্রাগ্ছসহ দুটা সৰবৰাহকাৰী স্বামী–স্ত্রীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰী দুটা অৰূপ বৈশ্য আৰু তেওঁৰ পত্নী অনু বৈশ্য বুলি জানিব পৰা গৈছে৷

আৰক্ষীৰ সূত্রে জানিব পৰা মতে, আৰক্ষীৰ চকুত ধূলি দি দীর্ঘদিনৰ পৰা নুনমাটিৰ ছেক্টৰ–৩ত থকা নিজৰ হোটেলত ড্রাগ্ছৰ বেহা চলাই আহিছিল৷ এই কথা অৱগত হোৱাৰ পিছত গীতানগৰ আৰক্ষীয়ে অভিযান চলাই কালি নিশা উদয়নগৰৰ নিজা বাসগৃহৰ পৰা ড্রাগ্ছ সৰবৰাহকাৰী স্বামী–স্ত্রীক গ্রেপ্তাৰ কৰে৷ অভিযান কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগ্ছভর্তি কণ্টেইনাৰ, ছিৰিঞ্জ, নগদ ধন আৰু এটা ম’বাইল ফোন জব্দ কৰিবলৈ সমর্থ হয়৷ সম্প্রতি গীতানগৰ থানাত ধৃত অৰূপ বৈশ্য আৰু তেওঁৰ পত্নী অনু বৈশ্যৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে৷

RELATED ARTICLES