peepl-small

প্রাক্তন বিধায়কৰ ভাৰাঘৰত ড্রাগছৰ ঘাটি

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যৰ যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্রাগ্ছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ব্যাপক অভিযান৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পাছতে সক্রিয় হৈ পৰা অসম আৰক্ষীয়ে প্রতিদিনে গ্রেপ্তাৰ কৰিছে ড্রাগ্ছ সৰবৰাহকাৰীক৷ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্রী৷ বুধবাৰে মণিপুৰৰ পৰা গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহ কৰা এজন যুৱকক গ্রেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহকাৰীজন হৈছে বিপিন ডেকা৷ প্রাপ্ত তথ্য অনুসৰি এ এছ–২৫ ই চি–১১৭৫ নম্বৰৰ ট্রাকখনত ড্রাগ্ছ সৰবৰাহৰ তথ্য আগতীয়াকৈ লাভ কৰিছিল আৰক্ষীয়ে৷ সেই অনুসৰি মণিপুৰৰ পৰা অহা ট্রাকখন ক্ষেত্রীৰ পৰা অনুসৰণ কৰি লালমাটিত জব্দ কৰে আৰক্ষীয়ে৷

ট্রাকখনৰ পৰা মহানগৰ আৰক্ষীয়ে এটা চাবোনৰ কেচত লুকাই অনা ১১.৭ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰে৷ লগতে ট্রাকখনৰ চালক বিপিন ডেকাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ছিপাঝাৰৰ বাসিন্দা বিপিনে দীর্ঘদিনে মণিপুৰৰ পৰা ড্রাগ্ছ আনি গুৱাহাটীত বিক্রী কৰি আহিছে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ ড্রাগ্ছ সৰবৰাহত বিপিনক সহযোগ কৰি অহা বাপুকণ আলী নামৰ আন এজন যুৱককো গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে ধৃত দুই যুৱকে দীর্ঘদিনে ধিং সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত ড০ ইদ্রিছ আলীৰ ভেটাপাৰাস্থিত বাসগৃহত ভাৰাতীয়া হিচাপে আছিল৷

ইয়াৰ পৰাই তেওঁলোকে মহানগৰীত চলাইছিল ড্রাগ্ছৰ সৰবৰাহ৷ অর্থাৎ প্রাক্তন বিধায়কজনৰ বাসগৃহৰ ভাৰাঘৰ ড্রাগ্ছৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল দুই যুৱকে৷ ধৃত বিপিন ডেকা ইয়াৰ পূর্বেও ড্রাগ্ছ সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে৷ মহানগৰীৰ গড়চুক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বিপিনে মুকলি হৈ পুনৰ ড্রাগ্ছৰ অবৈধ ব্যৱসায়ত লিপ্ত হৈছিল৷  আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে ধৃত যুৱক দুজনৰ ভাৰাঘৰত তালাচী অভিযান চলায়৷

ইপিনে, বুধবাৰে মহানগৰ আৰক্ষীয়ে চেনিকুঠিত গ্রেপ্তাৰ কৰিছে কুখ্যাত ড্রাগ্ছ মাফিয়া ইমতিয়াজ আহমেদক৷ মহানগৰীৰ মধ্য মণ্ডলৰ বিশেষ অভিযানকাৰী আৰক্ষী দল আৰু নুনমাটি আৰক্ষীয়ে ইমতিয়াজক গ্রেপ্তাৰ কৰে৷ ইয়াৰ পূর্বে বীৰকুছিত আন এজন ড্রাগ্ছ সৰবৰাহকাৰী মাধুর্য দত্ত ওৰফে টিংকুক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ টিংকুৰ স্বীকাৰোক্তিৰ ভিত্তিত ইমতিয়াজক গ্রেপ্তাৰ কৰা হয়৷ চেনিকুঠিৰ মছজিত পথৰ পৰা গ্রেপ্তাৰ কৰা ইমতিয়াজৰ পৰা ড্রাগ্ছ–চিৰিঞ্জসহ বহু আপত্তিজনক সামগ্রী জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে৷ উল্লেখ্য যে ৮ জুনত ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যত মুঠ ১৭টা গোচৰ ৰুজু হৈছে৷ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ৩৬জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৯২.৬১ গ্রাম হেৰ’ইন, ৭৫০ গ্রাম গাঞ্জা, ৪৬ বটল কফ ছিৰাপ, ৩৫,৮০০টা টেবলেট আৰু ৪১,৬৫০ টকা জব্দ কৰিছে আৰক্ষীয়ে৷
ছিপাঝাৰৰ গৰুখুঁটিত বৃহৎ পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ
আৰক্ষীয়ে ৰাজ্যজুৰি মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে ছিপাঝাৰৰ গৰুখুঁটিত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্রাগ্ছ৷ কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ সদস্যই এক গোপন অভিযান চলাই কলাইগাঁৱৰ পৰা অনুসৰণ কৰি আহিছিল দুই ড্রাগ্ছ সৰবৰাহকাৰীক৷ ছিপাঝাৰৰ গৰুখুঁটিত দুই ড্রাগ্ছ সৰবৰাহকাৰীক আছুৰ সদস্যই হাতে–লোটে কৰায়ত্ত কৰে যদিও দুই পক্ষৰ মাজত হতাহতি হোৱাৰ ফলত ড্রাগ্ছ সৰবৰাহকাৰী দুজনে এখন গাড়ীত আচম্বিতে পলায়ন কৰিবলৈ সক্ষম হয়৷ কিন্তু সৰবৰাহকাৰী দুজনে লৈ অহা এ এছ–০১ ই বি–৭৭৬৮ নম্বৰৰ গাড়ীখন সেই স্থানত এৰি যায়৷ পাছত আছুৰ সদস্যকেইজনে ছিপাঝাৰৰ আৰক্ষীক ঘটনা সন্দর্ভত অৱগত কৰে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পলায়ন কৰা ড্রাগ্ছ সৰবৰাহকাৰীৰ গাড়ীখনৰ পৰা উদ্ধাৰ কৰে ৬৫টা ড্রাগ্ছ ভর্তি কনটেইনাৰ৷ উক্ত ড্রাগ্ছখিনিৰ বজাৰ মূল্য প্রায় ৫০ হাজাৰ টকা হ’ব বুলি প্রকাশ৷ ইফালে আৰক্ষীয়ে অভিযান চলাইছে যদিও এইপর্যন্ত সন্ধান ওলোৱা নাই ড্রাগ্ছ সৰবৰাহকাৰীৰ৷

RELATED ARTICLES