peepl-small

চার্জশ্বীট নিদিয়াত জামিন পালে ড্রাগ্ছ ব্যৱসায়ীয়ে

PUBLISHED:

গুৱাহাটীঃ   ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতে ড্রাগ্ছৰ অবাধ প্রচলনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে ড০ হিমন্ত বিশ্ব শর্মাই৷ কিন্তু মুখ্যমন্ত্রীগৰাকীৰ এনে কঠোৰ স্থিতিৰ বিপৰিতে ড্রাগ্ছ–ভাং আদি নিচাযুক্ত সামগ্রীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে সময় মতে চার্জশ্বীট–কেচ ডায়েৰী দাখিল কৰাত চূড়ান্ত হেমাহি প্রদর্শন কৰি আহিছে অসম আৰক্ষীয়ে৷ যাৰ সুৰঙা লৈ নিচাযুক্ত সামগ্রীৰ একাংশ সৰবৰাহকাৰীয়ে আইনৰ সুৰুঙাৰে জামিনত মুকলি হৈ মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীয়ে ভাং সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ কৰা তিনিগৰাকী মহিলাই আদালতত জামিন লাভ কৰাৰ পাছতে উন্মোচিত হৈছে মহানগৰ আৰক্ষীৰ সোপাঢ়িলা স্থিতি৷ সময় মতে কেচ ডায়েৰী দাখিল নকৰা বাবে নিম্ন আদালতত ৰাণ্টু বেগম আৰু সুমিত্রা বসুমতাৰী নামৰ দুগৰাকী অভিযুক্তই নিম্ন আদালতত জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে সোমবাৰে  একেটা গোচৰত অভিযুক্ত আন এগৰাকী মহিলা বিমলা কলিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে জামিন৷

প্রাপ্ত তথ্য অনুসৰি চলিত বর্ষৰ ২ এপ্রিলত বশিষ্ঠৰ সন্ধ্যাচল নগৰত অভিযান চলাই সুমিত্রা বসুমতাৰী নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে৷ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিছিল ১.৭ কিলোগ্রাম গাঞ্জা৷ মহিলাগৰাকীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ বেহৰবাৰীৰ কমলাবাৰী নিৱাসী ৰাণ্টু বেগম নামৰ এগৰাকী মহিলাৰ পৰা গাঞ্জা ক্রয় কৰি বিক্রী কৰি আহিছে৷ পৰৱর্তী সময়ত ৰাণ্টু বেগমকো বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ বেগমে আৰক্ষীৰ আগত সদৰী কৰা অনুসৰি তেওঁ জালুকবাৰীৰ ৰে’ল গেটৰ অজিত আলী নামৰ এজন লোকৰ পৰা ক্রয় কৰি আহিছে গাঞ্জা৷ অর্থাৎ এনেদৰেই অবাধে একাংশ লোকে গুৱাহাটীত গাঞ্জাৰ নিষিদ্ধ বেহা চলাই আহিছে৷

মহানগৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰত এই তথ্য উল্লেখ কৰা হৈছে৷ বশিষ্ঠ আৰক্ষীৰ একেটা গোচৰতে পৰৱর্তী সময়ত বিমলা কলিতা নামৰ মহিলাগৰাকীকো গ্রেপ্তাৰ কৰা হয়৷ কিন্তু সুমিত্রা বসুমতাৰীয়ে যোৱা ২৪ মে’ত কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতত জামিন লাভ কৰে৷ ৫২ দিন ধৰি জে’লত থকাৰ পাছতো এই মহিলাগৰাকীৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ সংশ্লিষ্ট তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিব নোৱাৰিলে কেচ ডায়েৰী৷ বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো তদন্তকাৰী বিষয়াজনে বসুমতাৰীৰ বিৰুদ্ধে কেচ ডায়েৰী দাখিল নকৰাত তেওঁৰ জামিন মঞ্জুৰ কৰিবলৈ বাধ্য হয় সত্র ন্যায়াধীশৰ আদালতে৷ সমান্তৰালভাৱে ৰাণ্টু বেগম নামৰ অভিযুক্ত মহিলাগৰাকীয়েও যোৱা ২৯ মে’ত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতত জামিন লাভ কৰে৷ এই অভিযুক্তগৰাকীৰ ক্ষেত্রতো ৫৭ দিন অতিক্রম কৰাৰ পাছতো আদালতত সংশ্লিষ্ট তদন্তকাৰী বিষয়াই দাখিল কৰিব নোৱাৰিলে কেচ ডায়েৰী৷

কেচ ডায়েৰী দাখিল কৰাৰ বাবে আদালতে সংশ্লিষ্ট আৰক্ষীক কেইবাবাৰো সময় দিছিল যদিও তেওঁলোক এইক্ষেত্রত ব্যর্থ হয়৷ ফলত ২৯ মে’ত ৰাণ্টু বেগমক এন ডি পি এছ আইনৰ ২০(বি)/২৯ ধাৰাৰ অধীনত বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা ৬৩২/২০২১ নম্বৰৰ গোচৰত জামিন প্রদান কৰে অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতে৷ ইপিনে, সুমিত্রা বসুমতাৰী নামৰ অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে আইন অনুসৰি নির্ধাৰিত সময় পাৰ হোৱাৰ পাছতো চার্জশ্বীট দাখিল নকৰা বাবে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে৷

জামিন আবেদন ১০১০/২০২১ নম্বৰৰ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ জামিন মঞ্জুৰ কৰে৷ ইয়াৰ লগে লগে একাংশ নিচাযুক্ত সামগ্রীৰ সৰবৰাহকাৰীক কেৱল গ্রেপ্তাৰ কৰিয়েই মহানগৰ আৰক্ষীয়ে দায়িত্ব সামৰাৰ বিষয়টো স্পষ্ট হৈ পৰিছে৷ এইদৰে আৰক্ষীৰ চূড়ান্ত হেমাহিৰ বাবেই ড্রাগ্ছকে ধৰি আন আন নিচাযুক্ত সামগ্রীৰ সৰবৰাহকাৰীয়ে কাৰাগাৰৰ পৰা মুকলি হৈ আহি পুনৰ এনে সামগ্রীৰ অবৈধ বেহাত লিপ্ত হৈ পৰাৰ বহু উদাহৰণ আছে৷ গোচৰসমূহৰ ক্ষেত্রত সময় মতে যাতে চার্জশ্বীট দাখিল কৰিব পৰা যায়, তাৰ বাবে অসম আৰক্ষীয়ে কেতবোৰ ব্যৱস্থা গ্রহণ কৰা বুলি সময়ে সময়ে প্রকাশ কৰি অহাৰ সময়তে এনেদৰে অভিযুক্তই আইনৰ সুৰুঙাৰে মুকলি হোৱা বিষয়টোৱে অসম আৰক্ষীৰ ভিতৰচ’ৰাৰ স্বৰূপ উদঙাই দিছে৷

RELATED ARTICLES