peepl-small

পাঞ্জাবাৰীত ব্রাউন ছুগাৰসহ যুৱক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী:  ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীতো অব্যাহত আছে আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ সাতগাঁও আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰত বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ সৰবৰাহকাৰী যুৱক এজনক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ হোৱা ড্রাগ্ছ সৰবৰাহকাৰীজন চন্দন দাস (৪৪) বুলি জানিব পৰা গৈছে৷ ধৃত যুৱকজনৰ পৰা ১৯ গ্রাম ব্রাউন ছুগাৰসহ ১৪টা কণ্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, এক গোপন সূত্রৰ খবৰৰ ভিত্তিত সাতগাঁও আৰক্ষীৰ দলটোৱে নৱজ্যোতি নগৰৰ ১৪নং ঘৰত আকস্মিক অভিযান চলায় নিশাৰ ভাগত৷ অভিযানত যুৱকজন থকা কোঠাৰ পৰা ড্রাগ্ছসহ ম’বাইল এটা আৰু বহু আপত্তিজনক নথি–পত্র জব্দ কৰে৷ সম্প্রতি সাতগাঁও আৰক্ষীয়ে সোধা–পোছা কৰি আছে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজনক৷ উল্লেখ্য যে এই যুৱকজনে দীর্ঘদিনৰ পৰা অঞ্চলটোত যুৱপ্রজন্ম ধ্বংসকাৰী সামগ্রীবিধৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ আৰক্ষীৰ এই অভিযানত সন্তুষ্টি প্রকাশ কৰিছে অঞ্চলবাসীয়ে৷

RELATED ARTICLES

RECENT ARTICLES