peepl-small

তেতেলীয়াত গ্রেপ্তাৰ ড্রাগছ মাফিয়া নাৰায়ণ ওৰফে আব্দুল্লা

PUBLISHED:

গুৱাহাটীঃ  ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ যুদ্ধ৷ ৰাজ্যৰ চুকে–কোণে বিৰামহীন অভিযান চলাই আৰক্ষীয়ে ইজনৰ পাছত সিজন ড্রাগ্ছ ব্যৱসায়ী, সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মহানগৰীৰ তেতেলীয়াত জালুকবাৰী আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্রেপ্তাৰ কৰে নাৰায়ণ দাস ওৰফে আব্দুল্লা শ্বেইখ নামৰ এজন লোকক৷ এক্সেল কেয়াৰ হাস্পতালৰ সমুখত চলোৱা এই অভিযানত আৰক্ষীয়ে ধৃত লোকজনৰ পৰা ১৫টা ড্রাগ্ছভর্তি কনটেইনাৰৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷ নাৰায়ণ দাসে ব্যৱহাৰ কৰা পাঁচটা ম’বাইল ফোনৰ লগতে এ এছ–০১ এম এ–০০৩০ নম্বৰৰ ডিগো বাহনখনো আৰক্ষীয়ে জব্দ কৰিছে৷ ইফালে ভাৰাঘৰৰ পৰা নিষিদ্ধ ড্রাগ্ছৰ ব্যৱসায় চলাই যোৱা দুজন লোকো আজি মহানগৰ আৰক্ষীৰ জালত পৰিছে৷

সাতগাঁও আৰক্ষীয়ে ক্রাইম ব্রাঞ্চৰ সহযোগত আজি পাঞ্জাবাৰীৰ বতাহঘুলিত ইলা কুমাৰ নামৰ মহিলাগৰাকীৰ ঘৰত আচম্বিতে তালাচী চলায়৷ তেওঁৰ ঘৰত ভাৰাতীয়া হিচাপে থকা মণিপুৰৰ খোলেন মাংটে আৰু নাগালেণ্ডৰ হাটনেইলহিং কুক্কি নামৰ লোক দুজনৰ পৰা জব্দ হয় ৩০২ গ্রাম ব্রাউন ছুগাৰৰ লগতে ২০ হাজাৰ টকা নগদ ধন৷ এই লোক দুজনে বিগত ৮ মাহ ধৰি পাঞ্জাবাৰীত ভাৰাতীয়া হিচাপে থাকি নিষিদ্ধ সামগ্রী সৰবৰাহ কৰি গৈছিল৷ ]

আনহাতে, এই লোক দুজনে ব্যৱহাৰ কৰা ম’বাইল হেণ্ডছেটৰ মূল্যই হ’ব ৬ লাখৰো অধিক৷ সাতগাঁও থানাত বহিঃৰাজ্যৰ লোক দুজনৰ বিৰদ্ধে নার্ক’টিক আইনৰ অধীনত ১৪৮/২১নং গোচৰ ৰুজু কৰা হৈছে৷ কোকৰাঝাৰৰ শিমলটাপুত আৰক্ষীয়ে জব্দ কৰে ১৪ লাখ টকা মূল্যৰ নিষিদ্ধ ডোডা অর্থাৎ আফিঙৰ বাকলি৷ এই সামগ্রীখিনি গুৱাহাটীৰ পৰা ৰাজস্থানলৈ প্রেৰণ কৰা হৈছিল৷ একেদৰে নগাঁৱৰ ধিং, দৰঙৰ দলগাঁও, কামৰূপৰ বিহদিয়া, ধুবুৰীৰ বঙলামাৰী আদিতো আৰক্ষীয়ে কালি নিশা আৰু আজি সফল অভিযান চলায়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে সদৰী কৰা অনুসৰি শনিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন থানাত ড্রাগ্ছ সৰবৰাহ সংক্রান্তীয় মুঠ ২২টা গোচৰ ৰুজু কৰাৰ লগতে ৪৯জন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে৷ কালি জব্দ হোৱা সামগ্রীসমূহ হ’ল ২.০৬২ কেজি ব্রাউন ছুগাৰ, ১৪.৩১৩ কেজি গাঞ্জা, ১.১৭ লাখ নিচাযুক্ত টেবলেট, ২৫২ গ্রাম অপিয়াম আৰু নগদ ৪.৩৩ লাখ টকা৷
শ্রীৰামপুৰ আৰক্ষীৰ বৃহৎ সফলতা ঃ জব্দ
নিষিদ্ধ ডোডা, দুটা ঘটনাত তিনিজন গ্রেপ্তাৰ
গোসাঁইগাঁৱৰ শ্রীৰামপুৰত আৰক্ষীয়ে আজি অভিযান চলাই ৰাষ্ট্রীয় ঘাইপথত ট্রাকত কঢ়িয়াই অনা নিচাজাতীয় দ্রব্য ডোডা (আফিঙৰ বাকলি) জব্দ কৰিবলৈ সক্ষম হয়৷ ডোডা কঢ়িওৱা ট্রাকৰ লগতে দুজন লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ শিমুলটাপু আৰক্ষীয়ে ডোডাখিনিৰ বজাৰ দাম প্রায় ১৪ লাখ টকা বুলি প্রকাশ কৰিছে৷ চোৰাংকৈ এখন দহচকীয়া ট্রাকৰ গোপন চেম্বাৰত ডোডা ভর্তি কৰি আনিছিল যদিও আৰক্ষীয়ে এক নির্ভৰযোগ্য সূত্রৰ ভিত্তিত আৰ জে–১৯ জি এ–৫১০৫ নম্বৰৰ ট্রাকখনক তালাচী চলাই নিচাজাতীয় সামগ্রীখিনি জব্দ কৰে৷ আনহাতে ডোডাখিনি গুৱাহাটীৰ পৰা ৰাজস্থানলৈ নিয়াৰ কথা আছিল বুলি আটকাধীন ট্রাকচালক তথা ৰাজস্থানৰ ডোংগৰবাৰ নিৱাসী ৰত্না ৰাম (৪৮) আৰু আছু ৰামে (৪২) আৰক্ষীৰ জেৰাত প্রকাশ কৰে৷ ট্রাকত মুঠ ৩৬৯ কেজি ডোডা (বাকলি) জব্দ কৰিছে৷ আনহাতে ট্রাকখনৰ নম্বৰ সলনি কৰি জি জে ০৮ ইউ–১৯৭৪ৰ ঠাইত চালকে কৌশলেৰে আৰ জে ১৯–জি এ–৫১০৫ ভুৱা নম্বৰ লগাই নিচাজাতীয় সামগ্রীখিনি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল৷ ট্রাকখন জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ইয়াৰ লগত কোন জড়িত সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই৷
বিহদিয়াত ব্রাউন ছুগাৰসহ ড্রাগ্ছ ব্যৱসায়ীক কৰায়ত্ত কৰিলে আৰক্ষীয়ে
কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে বিহদিয়াত কালি নিশা এজন ড্রাগ্ছ ব্যৱসায়ীক আটক কৰাৰ লগতে ব্রাউন ছুগাৰ জব্দ কৰে৷ কালি নিশা প্রায় ৭.৩০ বজাত বলিচকস্থিত মা এণ্টাৰপ্রাইজ নামৰ দোকান এখনৰ গৰাকী ধ্রুৱ নাৰায়ণ বৰুৱাই এজন গ্রাহকক ড্রাগ্ছ বিক্রী কৰিবলৈ যাওঁতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাত যুৱকজনে পলায়ন কৰে৷ আৰক্ষী বিষয়া ৰূপম হাজৰিকাই যুৱকজনক খেদি খেদি পথাৰৰ মাজত কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৮ গ্রাম ব্রাউন ছুগাৰ, ৩টা চিৰিঞ্জ, এটা ম’বাইল ফোন আৰু এখন মটৰচাইকেল জব্দ কৰে৷ ড্রাগ্ছ ব্যৱসায়ীজনক আজি ৰঙিয়াৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই নলবাৰী জিলা কাৰাগাৰলৈ প্রেৰণ কৰে৷
দৰঙৰ দৈপামত দুই নিষিদ্ধ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ
দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ তৎপৰতাত জিলাখনত নিষিদ্ধ ড্রাগ্ছ আৰু নিচাযুক্ত দৰবৰ ব্যৱসায় আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আজি নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহৰ লগত জডিত দুই যুৱকক আৰক্ষীয়ে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ এই ঘটনা দলগাঁও থানাৰ দৈপাম আৰক্ষী চকীৰ অন্তর্গত অফিচ বজাৰৰ৷ যোৱা সন্ধিয়া দলগাঁও আৰক্ষীৰ জালত পৰিছিল এই দুই ড্রাগ্ছ সৰবৰাহকাৰী৷ নম্বৰ প্লেটবিহীন টি ভি এছ আপাছী মটৰবাইকেৰে আহিছিল দুই যুৱক৷ গোপন সূত্রৰ পৰা এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে ১–২নং বৰুৱাঝাৰ গাঁৱৰ অন্তর্গত অফিচ বজাৰৰ কাষত আটক কৰে যুৱক দুজনক৷ যুৱক দুজনৰ পৰা আৰক্ষীয়ে ড্রাগ্ছসহ তিনিটা কনটেইনাৰ আৰু এটা চিৰিঞ্জ উদ্বাৰ কৰে৷ আটকাধীন যুৱক দুজন খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তর্গত নগাজানিৰ ছাজিদুৰ ৰহমান আৰু বৰংগাবাৰী গাঁৱৰ ৰফিকুল ইছলাম৷
ধিং আৰক্ষীৰ জালত ড্রাগ্ছ সৰবৰাহকাৰী ঃ নিষিদ্ধ
ড্রাগ্ছসহ এগৰাকী মহিলা আটক
আজি ধিং আৰক্ষীয়ে থানাখনৰ অন্তর্গত নিজ ধিং অঞ্চলত অভিযান চলাই অঞ্চলটোৰ কুখ্যাত ড্রাগ্ছ সৰবৰাহকাৰী নজৰ ফকিৰৰ ঘৰৰ পৰা নিষিদ্ধ ড্রাগ্ছভর্তি বহুকেইটা কনটেইনাৰ আৰু গাঞ্জাৰ লগতে নগদ ১১,০৫০ টকা ধন জব্দ কৰে৷ লগতে এই ব্যৱসায়ৰ লগত জডিত থকাৰ অভিযোগত বিবি চুনোফা ফকিৰ নামৰ এগৰাকী মহিলাকো ড্রাগ্ছৰ সৈতে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা বিবি চুনোফা ফকিৰ নামৰ মহিলাগৰাকী কুখ্যাত ড্রাগ্ছ মাফিয়া নজৰ ফকিৰৰ পত্নী৷ উল্লেখ্য যে চুনোফা ফকিৰৰ স্বামী নজৰ ফকিৰে দীর্ঘদিনে নিজ ধিং অঞ্চলত চলাই আহিছে নিষিদ্ধ ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ নিজ ধিং অঞ্চলৰ এই কুখ্যাত ড্রাগ্ছ মাফিয়াটোয়ে সেই একে অঞ্চলৰে পশ্চিম নিজ ধিং গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্রামুল কৰিমক ড্রাগ্ছ বিক্রীত বাধা প্রদান কৰা বাবেই প্রাণেমৰাৰ ভাবুকি দিয়াৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰিছিল৷ এই ড্রাগ্ছ মাফিয়াটোৱে কেৱল ইক্রামুল কৰিমকেই নহয়, বিভিন্ন সময়ত আন বহুতকে হাৰাশাস্তি কৰাৰ লগতে ভাবুকি দি অহাৰ অভিযোগ আছে৷ এই ঘটনা সন্দর্ভত ড্রাগ্ছ মাফিয়াটোৰ বিৰুদ্ধে গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্রামুল কৰিমে ধিং থানাত অভিযোগো দিছিল৷ ইয়াৰ পাছতেই ধিং আৰক্ষী অধিক সক্রিয় হৈ নজৰ ফকিৰক কৰায়ত্ত কৰিবলৈ তৎপৰ হৈ পৰিছিল৷ ইয়াৰ পাছতো বিবি চুনোফা ফকিৰে আৰক্ষীক অংগুষ্ঠ দেখুৱাই ড্রাগ্ছৰ ব্যৱসায় চলাই গৈছিল৷ যাৰ বাবে আজিৰ অভিযানত নজৰ ফকিৰৰ স্ত্রী চুনোফা ফকিৰ আৰক্ষীৰ জালত পৰে যদিও নজৰ ফকিৰ পলাই সাৰিবলৈ সক্ষম হয়৷
ধুবুৰীৰ বগুলামাৰীত নিচাযুক্ত সামগ্রীসহ
এজন ড্রাগ্ছ সৰবৰাহকাৰী কৰায়ত্ত
কালি বিয়লিৰ ভাগত আৰক্ষীৰ এক অভিযানত ধুবুৰী চহৰৰ পার্শ্বৱর্তী বগুলামাৰী অঞ্চলৰ পৰা নিচাযুক্ত ঔষধসহ এজন ড্রাগ্ছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটা দলে কালি বিয়লিৰ ভাগত ধুবুৰী চহৰৰ পার্শ্বৱর্তী এম কো ৰোড বজাৰ আৰক্ষী চকীৰ অন্তর্গত বগুলামাৰী অঞ্চলত এক অভিযান চলাইছিল৷ উক্ত অভিযানত ‘আৰ ছেভেন’ নামৰ নিচাযুক্ত টেবলেটকে ধৰি আন সন্দেহজনক নিচাজাতীয় সামগ্রী উদ্ধাৰ কৰাৰ লগতে এজন ড্রাগ্ছ সৰবৰাহকাৰীক আৰক্ষীৰ অভিযানকাৰী দলটোৱে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজন ইনচান আলী৷
ড্রাগ্ছ ব্যৱসায়ীৰ কৌশল সলনি, ভাৰাঘৰৰ পৰা নিয়ন্ত্রণ ড্রাগ্ছৰ বজাৰ
গুৱাহাটীত ভাৰাঘৰৰ পৰাই একাংশই চলাইছে ড্রাগ্ছৰ ব্যৱসায়৷ এইবাৰ ভাৰাতীয়া ড্রাগ্ছ পেডেলাৰৰ বিৰুদ্ধে চলিল দিছপুৰ আৰক্ষীৰ অভিযান৷দিছপুৰ থানাৰ উপ–আৰক্ষী আযুক্ত হিমাংশু দাসৰ নেতৃত্বত আজি মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিষ্ণু পথত চলে অভিযান৷এই অভিযানত ভাৰাঘৰৰ পৰা আটক কৰে ড্রাগ্ছ ব্যৱসায়ী বাবামণি কলিতাক৷ ধৃত পেডেলাৰজনৰ ভাৰাঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চিৰিঞ্জ, কনটেইনাৰ, বহু আপত্তিজনক সামগ্রী৷আৰক্ষীৰ সন্মুখতে পেডেলাৰজনৰ ম’বাইলত ফোন কৰি বহু যুৱকে বিচাৰিলে ড্রাগ্ছ৷আৰক্ষী গৈ পোৱাৰ আগতে ড্রাগ্ছৰ পেকেট লুকুৱায় ব্যৱসায়ীজনে৷ সম্প্রতি আৰক্ষী, ক্রাইম বাঞ্চে অভিযান অব্যাহত ৰাখিছে৷উল্লেখ্য যে ড্রাগ্ছ ব্যৱসায়ীয়ে এতিয়া কৌশল সলনি কৰি চাধাৰ টেমাৰ ভিতৰত সৰবৰাহ কৰি আহিছে ড্রাগ্ছ৷ আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে ব্যৱসায়ীগৰাকীয়ে৷

RELATED ARTICLES