peepl-small

ষড়যন্ত্রমূলকভাৱে অধিক পুঁজি আবণ্টন

PUBLISHED:

গুৱাহাটী: গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ ঠিকা আবণ্টনত দুর্নীতি কৰাৰ অভিযোগ তুলি তদন্তৰ দাবী জনাইছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ এক বিবৃতিত বিৰোধী দলপতিগৰাকীয়ে কয় যে গুৱাহাটী পৌৰ নিগমে যোৱা ২৮ জানুৱাৰীত এবছৰৰ বাবে বশিষ্ঠ আৰু মৰা ভৰলু নদীৰ লগতে ৬৯টা নলাৰ চাফাই, বালি–গেদ চাফা কৰা আৰু চোৱা–চিতা কৰাৰ বাবে নিবিদা আহ্বান কৰে৷ শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে যে গুৱাহাটী পৌৰ নিগমৰ একাংশ শীর্ষ অভিযন্তা আৰু বিষয়াৰ ষড়যন্ত্রত এই কামৰ বাবে প্রয়োজনতকৈ অত্যধিক পুঁজি আবণ্টিত কৰা হৈছে৷

এই কামৰ বাবে ২০১৮ চনৰ পৰা ২০২০ চনলৈ ৩ বছৰৰ বাবে প্রায় ৭৪.২২ কোটি টকা আবণ্টন হৈছিল৷ কিন্তু ২০২১ বর্ষত এই একে কাম কেৱল এবছৰৰ বাবে কৰাৰ বাবদ ১৩৭ কোটি টকা আবণ্টন কৰা হ’ল৷ অভিযোগ অনুসৰি নির্দিষ্ট ঠিকাদাৰক কাম আবণ্টন দিয়াৰ পিছত পৰৱর্তী সময়ত হ’ব পৰা বিতর্কৰ পৰা হাত সাৰিবলৈ নিজ কার্যভাৰ এৰাৰ আগে আগে গুৱাহাটী পৌৰ নিগমৰ পূর্বৰ আয়ুক্তগৰাকীয়ে ২০ মে’ত এক নির্দেশযোগে কামৰ কার্যকাল এবছৰৰ পৰা ৩ বছৰলৈ বৃদ্ধি কৰিলে৷ যিহেতু কামৰ সময়সীমা সম্পর্কীয় নির্দেশ ঠিকাদাৰক কাম আবণ্টন দিয়াৰ পিছত জাৰি কৰা হ’ল, সেইবাবে এই নির্দেশৰ ন্যায়িক বৈধতাৰ বিষয়ে যথেষ্ট সন্দেহ আছে৷

নতুন মুখ্যমন্ত্রীয়ে বিভিন্ন বিভাগসমূহৰ কামৰ তদাৰক কৰিবলৈ নিজে বিভাগীয় বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছে৷ বিভিন্ন অঞ্চল ভ্রমণ কৰিছে৷ কেইদিনমান আগতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রীৰ লগত গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী পৌৰ নিগম এইবিলাকৰ কামৰ পর্যালোচনা কৰিছিল৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ মূল অস্ত্র হিচাপে ব্যৱহাৰ কৰি বিজেপি দল অসমত ক্ষমতালৈ আহিছে আৰু তেখেতসকলে দুর্নীতিমুক্ত প্রশাসনৰ প্রতিশ্রুতি দিছিল৷ এতিয়া তেনেকুৱা ধৰণৰ বহুখিনি অপকর্ম এই চৰকাৰে উন্মোচন কৰি আছে আৰু তাৰ পৰা প্রমাণ হয় যে বিৰোধীয়ে যিবিলাক কথা কৈছিল সেইবিলাক প্রকৃততে উৰাবাতৰি নাছিল, তথ্যৰ ভিত্তিতহে অভিযোগ আনিছিল৷ এতিয়াও যোৱা সময়ছোৱাত গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্রত তেনেকুৱা ধৰণৰ এটা অভিযোগৰ তদন্ত অসমৰ নতুন চৰকাৰখনক কৰিবলৈ আহ্বান জনাইছে বিৰোধী দলপতি শইকীয়াই৷

RELATED ARTICLES