peepl-small

২০ বছৰে নিষ্কাশন কৰা নাই হাতীগাঁৱৰ নলা–নর্দমা

PUBLISHED:

 গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে গুৱাহাটী পৌৰ নিগমে বিগত সময়ছোৱাত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি এটাৰ পাছত আনটো আঁচনি গ্রহণ কৰিছে যদিও সেইসমূহৰ সঠিক ৰূপায়ণ হোৱা নাই৷ বিজ্ঞানসন্মতভাৱে নলা–নর্দমা নিষ্কাশন নকৰাৰ লগতে সুপৰিকল্পিত আন্তঃগাঁথনিৰ অভাৱত মহানগৰবাসীয়ে বছৰ বছৰ ধৰি কৃত্রিম বানৰ কবলত পৰি ককবকাবলগীয়া হৈছে৷ নির্বাচনৰ পূর্বে বিভিন্ন দল আৰু ৰাজনীতিকসকলে কৃত্রিম বানকে ধৰি মহানগৰবাসীয়ে সন্মুখীন হোৱা প্রতিটো সমস্যাৰ স্থায়ী সমাধান কৰাৰ প্রতিশ্রুতি প্রদান কৰি আহিছে যদিও নির্বাচনী বৈতৰণী পাৰ কৰাৰ পাছত নেতাসকলে ৰাইজক দিয়া প্রতিশ্রুতি ৰক্ষা কৰাত ব্যর্থ হৈছে৷ ফলত প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত মহানগৰবাসীয়ে কৃত্রিম বানৰ কবলত পৰি যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভোগ কৰিবলগীয়া হৈছে৷ এজাক বৰষুণতে সাগৰ সদৃশ হৈ পৰা মহানগৰীত ইতিপূর্বে কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷

ইয়াৰ পাছতো কৃত্রিম বান নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰ প্রশাসনে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ প্রতিবছৰেই কেৱল বাৰিষাৰ পূর্বে নলা–নর্দমা নিষ্কাশনৰ নাটক ৰচি জি এম চিয়ে দায়িত্ব সামৰিছে৷ বিশেষকৈ মহানগৰীৰ হাতীগাঁও অঞ্চলত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বৃহত্তৰ হাতীগাঁও, সিজুবাৰী, ভেটাপাৰা, লালমাটি আৰু বেলতলাৰ বাসিন্দাসকলে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিছে৷ হাতীগাঁও হাইস্কুলৰ সমীপত মূল পথত এজাক বৰষুণতে একঁকাল পানী জমা হোৱাৰ উপৰি অঞ্চলটোৰ একাংশ ব্যৱসায় প্রতিষ্ঠান আৰু বাসগৃহত পানী সোমাই লাখ লাখ টকাৰ সামগ্রী নষ্ট কৰিছে৷

স্থানীয় বাসিন্দা ৰতন দাসে জনোৱা মতে, হাতীগাঁও হাইস্কুলৰ সমীপৰ মূল পথৰ উপৰি নতুন পথ ৰাজেন্দ্র নাৰায়ণ দেৱ এম ই স্কুল সংযোগী পথ আৰু বিষ্ণুজ্যোতি পথকে ধৰি সমগ্র অঞ্চলটোত এজাক বৰষুণতে একঁকাল পানী জমা হয়৷ বিজ্ঞানসন্মত নলা–নর্দমা নথকাৰ লগতে বিগত প্রায় ২০ বছৰ ধৰি অঞ্চলটোৰ নলা–নর্দমা নিষ্কাশন নকৰাৰ বাবেই নলাৰ পানী বহল সক্ষমতা হ্রাস পোৱা বুলি তেওঁ জানিবলৈ দিছে৷ নতুন পথৰ বাসিন্দাসকলক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে স্থানীয় কাউন্সিলাৰে কেইবছৰমান পূর্বে পথৰ দুয়োকাষে থকা নলাত শ্লুইচ গেট নির্মাণ কৰে যদিও এই শ্লুইচ গেটেও বাসিন্দাসকলক সকাহ দিব পৰা নাই৷ বিশেষকৈ মূল পথৰ কাষত থকা নলা বোকাৰে ভৰি পৰা বাবেই কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি স্থানীয় বাসিন্দাসকলে জানিবলৈ দিছে৷ সেয়েহে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ জি এম চিক ৰাইজে আহ্বান জনাইছে৷

RELATED ARTICLES