peepl-small

আজি প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড০ শর্মাই

PUBLISHED:

গুৱাহাটী:  বিধানসভা নির্বাচনৰ পিছত আজি প্রথমবাৰৰ বাবে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰাৰ লগতে ৰাজ্যৰ জ্বলন্ত সমস্যা সন্দর্ভতো আলোচনা কৰে।

এই সৌজন্যমূলক সাক্ষাৎকালত অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কে আলোচনা কৰা হয়। আগন্তুক দিনসমূহত প্ৰধানমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শৰ সহায়ত যাতে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ আগুৱাই নিব পৰা যায়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সহযোগিতা কামনা কৰে ।

জানিব পৰা মতে, ৩ মে’ত মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি তেওঁৰ দিল্লী ভ্রমণৰ সামৰণি মাৰিব৷

RELATED ARTICLES