peepl-small

বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

গুৱাহাটীঃ ভাৰতীয় বেডমিণ্টন সংস্থা চমুকৈ ‘বাই’ৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত হৈছে৷ ২০২১–২৫ বর্ষৰ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে শনিবাৰে ‘বাই’ৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হয়৷

বেডমিণ্টন এছিয়াৰ উপ–সভাপতি ড০ শর্মাই শনিবাৰে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ ভার্চুৱেল সদস্য নির্বাচনত ২৩৬টা ভোট লাভ কৰে৷ ৩১জন প্রতিদ্বন্দ্বীৰ ভিতৰত ২০জন সদস্যৰ এজন হিচাপে ড০ শর্মা নির্বাচিত হয়৷ ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত হোৱাৰ পিছত ড০ শর্মাই কয় – মোৰ সপক্ষত ভোটদান কৰা সদস্য ৰাষ্ট্রসমূহৰ সকলোকে মই ধন্যবাদ জনাইছোঁ লগতে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাপতিৰ সৈতে এজন সহকর্মী সদস্য হিচাপে নির্বাচিত কৰি মোক যি সুযোগ দিলে তাৰ বাবে অভিনন্দন জনাইছোঁ৷

তদুপৰি ড০ শর্মাই কয় – আন্তর্জাতিক পর্যায়ত শিখৰলৈ ভাৰতীয় বেডমিণ্টনক নিয়াই মোৰ লক্ষ্য আৰু দেশক বেডমিণ্টন পাৱাৰ হাউছ হিচাপে প্রতিষ্ঠা কৰাটো৷

ইপিনে, বি ডব্লিউ এফৰ সদস্য হিচাপে ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হোৱাৰ বাবে অত্যন্ত সুখ ব্যক্ত কৰিছে ‘বাই’ৰ পৰিয়ালে৷ বেডমিণ্টন ক্ষেত্রখনক আগবঢ়াই নিবলৈ বিগত বছৰ বছৰ ধৰি ড০ হিমন্ত বিশ্ব শর্মাই অক্লান্ত পৰিশ্রম কৰি এগৰাকী বিশাল দূৰদর্শী নেতা হিচাপে নিজকে প্রতিপন্ন কৰিছে৷ এই অক্লান্ত শ্রমৰ বাবে ড০ শর্মাই বিশ্ব বেডমিণ্টনৰ সদস্য হিচাপে নির্বাচিত হোৱাত অভিনন্দন জনাইছোঁ৷

RELATED ARTICLES