peepl-small

প্লেকার্ড লৈ চিকিৎসকৰ উত্তাল প্রতিবাদ

PUBLISHED:

গুৱাহাটী: হোজাইৰ উদালিৰ ফুলতলী মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসক নিগ্রহৰ ঘটনাক লৈ আজিও অব্যাহত আছে প্রতিক্রিয়া৷ আজি এই ঘটনাৰ প্রতিবাদত চিকিৎসকসকলে বহিঃবিভাগ (অ’ পি ডি)ৰ সেৱা বর্জন কৰাৰ পৰিপ্রেক্ষিতত স্তব্ধ হৈ পৰে ৰাজ্যৰ স্বাস্থ্যসেৱা৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালসহ ৰাজ্যৰ প্রতিখন হাস্পতালতে আজি চিকিৎসকসকলে বন্ধ ৰাখে অ’ পি ডি সেৱা৷ অসম চিকিৎসা সেৱা সংস্থা (আমছা)ৰ আহ্বানমর্মে কেৱল জৰুৰীকালীন আৰু ক’ভিড চেণ্টাৰসমূহতহে চিকিৎসকসকলে অব্যাহত ৰাখে চিকিৎসা সেৱা৷ অৱশ্যে জৰুৰীকালীন আৰু ক’ভিডৰ চিকিৎসাত নিয়োজিত চিকিৎসকসকলেও ক’লা বেজ পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়াই উদালিত চিকিৎসকক বর্বোৰচিত প্রহাৰৰ ঘটনাৰ প্রতিবাদ সাব্যস্ত কৰে৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহৰ লগতে সদৰ হাস্পতালসমূহত চিকিৎসকসকলে হাতে হাতে প্লে–কার্ড, বেনাৰ আদি লৈ এই ঘটনাৰ প্রতিবাদ সাব্যস্ত কৰাৰ লগতে চিকিৎসক আক্রমণকাৰীসকলক উচিত শাস্তি প্রদানৰ দাবী উত্থাপন কৰে৷

আগন্তুক সময়ত চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে প্রতিবাদী চিকিৎসকসকলে৷ উল্লেখ্য যে কালি ফুলতলী মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত এজন ক’ভিড ৰোগীৰ মৃত্যুৰ পাছতে একাংশ উন্মত্ত লোকে কর্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৰুলা–গুৰুলকৈ প্রহাৰ কৰে৷ উন্মত্ত লোকসকলে চিকিৎসক সেনাপতিক চৰ–ঘোচাৰ লগতে লাঠী–চৰিয়াৰে প্রহাৰ কৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ উন্মত্ত দলটোৰ পৰা কথমপি প্রাণৰক্ষা কৰিবলৈ সক্ষম হোৱা চিকিৎসকগৰাকীৰ সৈতে হোৱা এই ঘটনাই সমগ্র ৰাজ্যতে প্রতিক্রিয়া সৃষ্টি কৰে৷ ক’ভিড কেয়াৰ চেণ্টাৰটোত সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি হয়৷

চিকিৎসকৰ লগতে ক’ভিড কেয়াৰ চেণ্টাৰটোত কর্মৰত নার্ছ আৰু স্বাস্থ্যকর্মীকো উন্মত্ত লোকসকলে প্রহাৰ কৰে৷ এই ঘটনাৰ পাছতে অসম চিকিৎসা সেৱা সংস্থাই আজি অ’ পি ডি সেৱা বর্জন কৰিবলৈ আহ্বান জনায়৷ পৰৱর্তী সময়ত এনে ঘটনা সংঘটিত হ’লে সম্পূর্ণ ধর্মঘটৰ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংস্থাই সকীয়াই দিছিল৷ একে সময়তে অসম চিকিৎসা সেৱা সংস্থাই এই ঘটনাৰ সৈতে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ লগতে তাৎক্ষণিকভাৱে সকলো হাস্পতালত সুৰক্ষা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰিছে৷ চি আই এছ এফ আৰু এ আই এছ এফ হাস্পতালসমূহত নিয়োগ কৰি চিকিৎসক–নার্ছ আৰু স্বাস্থ্যকর্মীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈও সংস্থাই দাবী উত্থাপন কৰিছে৷ সমান্তৰালভাৱে চিকিৎসা সুৰক্ষা বাহিনী গঠন কৰাৰো পোষকতা কৰিছে অসম চিকিৎসা সেৱা সংস্থাই৷

ইপিনে, ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীসকলক কঠোৰ শাস্তি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ এই ঘটনাত জড়িত লোকসকলক ফার্ষ্ট ট্রেক আদালতৰ জৰিয়তে অতি ক্ষিপ্রতাৰে শাস্তি প্রদানৰো পোষকতা কৰিছে ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাই৷ এক বিবৃতিত অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰা, সম্পাদক ডাঃ শিখা শর্মাই সকলো ক’ভিড সেৱা কেন্দ্র আৰু চিকিৎসালয়সমূহত সশস্ত্র আৰক্ষী নিয়োগ কৰিবলৈ দাবী জনোৱাৰ লগতে স্বাস্থ্য সুৰক্ষা বাহিনী গঠনৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ আহ্বান জনায়৷ চৰকাৰৰ ফালৰ পৰা কোনো উচিত প্রত্যুত্তৰ লাভ নকৰালৈকে কাইলৈ আপদকালীন আৰু সংকটকালীন ক’ভিড সংক্রান্তীয় চিকিৎসাৰ বাহিৰে আন সকলো সেৱা বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাই৷ ইফালে, ভাৰতীয় মেডিকেল সংস্থাই স্বাস্থ্য কর্মীসকলৰ সুৰক্ষাৰ দাবীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ পত্র প্রেৰণ কৰিছে৷ তদুপৰি নেচনেল মেডিক’জ সংস্থা, সদৌ অসম ফার্মাচিষ্ট সেৱা সন্থাকে ধৰি বিভিন্ন দল–সংগঠনে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ ইপিনে, উদালিৰ চিকিৎসালয়খনত চিকিৎসকৰ লগতে এগৰাকী নার্ছক দুর্বৃত্তই আক্রমণ কৰা ঘটনাক গৰিহণা দিছে স্নাতক নার্ছ সন্থাই৷ সন্থায়ো চিকিৎসক আৰু চিকিৎসাকর্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে৷

আহত চিকিৎসকক ১ লাখ টকাৰ সাহায্য বদৰুদ্দিন আজমলৰ

নিয়মীয়া বার্তা, হোজাই, ডবকা ঃ দুর্বৃত্তৰ আক্রমণত আহত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিলৈ আজমল চি এছ আৰৰ জৰিয়তে ১ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিছে সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে৷ চিকিৎসকগৰাকীৰ চিকিৎসাৰ বাবদ এই ধন আগবঢ়াইছে সাংসদ আজমলে৷ ইফালে, আই এম এৰ হোজাই শাখা, হোজাই দৰব বিক্রেতা সংস্থা, হোজাই আছু, আমছু, কর্মচাৰী পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে এই ঘটনাক গৰিহণা দিছে৷ হোজাইবাসীৰ হৈ চিকিৎসকজনৰ লগতে চিকিৎসক সমাজৰ ওচৰত ক্ষমা বিচাৰিছে হোজাই জিলা কর্মচাৰী পৰিষদে৷

ক’ভিড যোদ্ধাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী কৃষক মুক্তিৰ

গুৱাহাটী ঃ চিকিৎসক আক্রমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি প্রথম শাৰীৰ ক’ভিড যোদ্ধাসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ এক বিবৃতিত সমিতিৰ সভাপতি ৰাজু বৰা আৰু সাধাৰণ সম্পাদকদ্বয় ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে ক’ভিডৰ আতংক অব্যাহত থকাৰ সময়তে এগৰাকী চিকিৎসকক আক্রমণ কৰা ঘটনা দুর্ভাগ্যজনক আৰু মানৱতাৰ পৰিপন্থী৷ ইফালে অসম চেম্বার্ছ অৱ কমার্চেও চিকিৎসক সেনাপতিক আক্রমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে৷

ডিব্রুগড মেডিকেল কলেজত প্রতিবাদ ঃ ক’লা বেজ পৰিধান, দল–সংগঠনৰ গৰিহনা

বিশেষ বার্তা, ডিব্রুগড ঃ কর্ত্যবৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক এদল উন্মত্ত জনতাই পাশৱিক তথা বর্বৰভাৱে প্রহাৰ কৰা কার্যক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম মেডিকেল কলেজৰ বহিঃবিভাগৰ সন্মুখত কনিষ্ঠ চিকিৎসক সন্থা, মেডিকেল কলেজৰ শিক্ষক সন্থা, ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন, নার্ছ সন্থাই আজি প্রতিবাদ সাব্যস্ত কৰে৷ সকলো দোষীয়ে যাতে আইনৰ ফাঁকেৰে সাৰি যাব নোৱাৰে, তাৰ বাবে চৰকাৰক উচিত পদক্ষেপ ল’বলৈকো আহ্বান জনায়৷ চিকিৎসকসকলক সম্পূর্ণ নিৰাপত্তা প্রদানৰ ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে এই ঘটনাক কেন্দ্র কৰি যাতে কোনো ধৰণৰ শান্তি–সম্প্রতি বিনষ্ট নহয় তাৰ বাবেও ডিব্রুগডৰ জিলা হিলাল কমিটি, চেণ্টাৰ ফৰ ইছলামিক ষ্টাদিজ, ডিব্রুগডৰ কেন্দ্রীয় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন, ডিব্রুগড জিলা ইমাম পৰিষদ, নালিয়াপুল কবৰস্থান সমিতি, ফৈজে ইলিছাচ মাদ্রাছা আদি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আৰু দল সংগঠনে এনে কার্যক তীব্র গৰিহণা দিছে৷

গুৱাহাটী মেডিকেল কলেজৰ প্রাক্তন শিক্ষার্থী সংস্থাৰ গৰিহণা

চিকিৎসক সেউজ কুমাৰ সেনাপতিক আক্রমণৰ ঘটনাক গৰিহণা দিছে গুৱাহাটী মেডিকেল কলেজৰ প্রাক্তন শিক্ষার্থী সংস্থাই৷ এক বিবৃতিত সংস্থাৰ সম্পাদক ডাঃ নাৰায়ণ শর্মাই দোষীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী উত্থাপন কৰিছে৷

সদৌ অসম উকীল সংস্থাৰ গৰিহণা

চিকিৎসক নিগ্রহৰ ঘটনাক গৰিহণা দিছে সদৌ অসম উকীল সংস্থাই৷ এক ভিডি’ বার্তাত সংস্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে এই ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে৷ অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ চার্জশ্বীট দাখিল কৰাৰ লগতে গোচৰটোৰ বিচাৰি প্রক্রিয়া ফার্ষ্ট ট্রেক আদালতৰ জৰিয়তে কৰিবলৈ তেওঁ আহ্বান জনায়৷ সংস্থাৰ সভাপতি ডেভিদ লেজাৰ, প্রচাৰ সম্পাদক কিশোৰ কলিতায়ো চিকিৎসক নিগ্রহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে৷

চিকিৎসকৰ ওপৰত আক্রমণৰ ঘটনাৰ প্রতিবাদ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান কর্মচাৰীৰ

লংকাৰ ক’ভিড চিকিৎসালয়ত চিকিৎসকৰ ওপৰত হোৱা অমানৱীয় ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান কর্মচাৰী সন্থাই৷ এক বিবৃতিত সন্থাৰ সভাপতি ডাঃ মলয় কুমাৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্রদানৰ দাবী জনাইছে৷

নগাঁৱত চিকিৎসকক আক্রমণ কৰাৰ ঘটনাৰ প্রতিবাদ

বিশেষ বার্তা, নগাঁও ঃ হোজাই জিলাৰ ফুলতলী চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসাত ব্যস্ত থকা এগৰাকী চিকিৎসক, স্বাস্থ্যকর্মীক নির্মমভাৱে প্রহাৰ কৰা কার্যৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো বিভিন্ন দল–সংগঠন গৰজি উঠিছে৷ আজি নগাঁও জিলাৰ চিকিৎসকসকলে চিকিৎসালয়সমূহৰ বহিঃবিভাগত কর্মৰ পৰা বিৰত থাকে৷ অৱশ্যে ক’ভিডৰ চিকিৎসা আৰু জৰুৰীকালীন চিকিৎসা সেৱা চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে ক’লা বেজ পৰিধান কৰি অব্যাহত ৰাখে৷ সংস্থাৰ সভাপতি ডাঃ সর্বেশ্বৰ বৰা আৰু সম্পাদক ডাঃ পূর্ণানন্দ বৰাই কঠোৰ শাস্তি নিদিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতর্ক কৰি দিয়ে৷ অসম চিকিৎসা সেৱা সংস্থাৰ নগাঁও শাখাৰ সভাপতি ডাঃ ৰঞ্জন গোস্বামীয়ে ফুলতলীৰ ঘটনাক তীব্র গৰিহণা দিছে৷ গোস্বামীয়ে ফুলতলী ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে৷ নগাঁও চৰকাৰী পেঞ্চনাৰ সন্থাই কালি চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি আৰু স্বাস্থ্যকর্মীক আক্রমণৰ ঘটনাক গৰিহণা দিছে৷ নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্রেমেশ্বৰ দাস, সদৌ নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি জিলাখনৰ বিভিন্ন দল–সংগঠনে ফুলতলী ঘটনাৰ লগত জড়িতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায়৷

লখিমপুৰত লংকাত চিকিৎসকক আক্রমণৰ প্রতিবাদ

বিশেষ বার্তা, লখিমপুৰ ঃ হোজাইৰ লংকাত কর্তব্যৰত চিকিৎসকক প্রহাৰ কৰা ঘটনাৰ প্রতিবাদত লখিমপুৰতো আজি অসহযোগ কার্যসূচী পালন কৰে চিকিৎসা কর্মীসকলে৷ জৰুৰী সেৱাৰ বাহিৰে অ’ পি ডি সেৱা বর্জন কৰে চিকিৎসা কর্মীসকলে৷ চিকিৎসক আক্রমণৰ বর্বৰ ঘটনাৰ প্রতিবাদ সাব্যস্ত কৰি চিকিৎসা কর্মীসকলে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়৷ অসম চিকিৎসা সেৱা সন্থাৰ লখিমপুৰ জিলাৰ সম্পাদক ডাঃ ডম্বৰুধৰ মিলিয়ে এই ঘটনাক ধিক্কাৰ দি দোষীৰ শাস্তিৰ লগতে চিকিৎসা কর্মীসকলৰ নিৰাপত্তাৰো দাবী জনায়৷ তেওঁ সন্থাৰ সিদ্ধান্তমর্মে লখিমপুৰতো পৰৱর্তী আন্দোলনৰ কার্যসূচী চলি থাকিব বুলি কয়৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক– চিকিৎসা কম্ৰ অৱস্থান ধর্মঘট
বার্তা ব্যুৰ’, বিশেষ বার্তা, তেজপুৰ ঃ কর্তব্যৰত চিকিৎসকক আক্রমণৰ ঘটনাৰ বিৰুদ্ধে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসক সন্থাৰ আহ্বানমর্মে শতাধিক চিকিৎসক, নার্ছ, চিকিৎসা কম্ৰ লগতে জ্যেষ্ঠ চিকিৎসকসকলেও প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখি কেৱল ক’ভিড আৰু আপাদকালীন চিকিৎসাহে অব্যাহত থাকিল আজিৰ দিনটোত৷ প্রতিবাদী চিকিৎসকলৰ দাবী– যেতিয়ালৈ চৰকাৰে ঘটনাৰ সৈতে জডিত আটাইকেইজন অপৰাধীক দৃষ্টান্তমূলক কঠোৰ শান্তি প্রদান নকৰে, তেতিয়ালৈ চিকিৎসকসকলৰ প্রতিবাদ অব্যাহত থাকিব৷ প্রতিটো ক’ভিড কেয়াৰ চেণ্টাৰ আৰু প্রতিখন চিকিৎসালয়ত সশস্ত্র নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তুলি কনিষ্ঠ চিকিৎসক সন্থাই শোণিতপুৰ জিলাৰ ডপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্রও প্রেৰণ কৰে৷ ইয়াৰ উপৰি আই এম এৰ তেজপুৰ শাখাৰ তৰফৰ পৰাও চিকিৎসক আৰু স্বাস্থ্যকম্ক বর্বোচিতভাৱে আক্রমণ কৰা ঘটনাক তীব্র ক্ষোভ প্রকাশ কৰি শোণিতপুৰৰ ডপায়ুক্তলৈ অনুৰূপ দাবী সম্বলিত স্মাৰক–পত্র প্রদান কৰে৷

চিকিৎসকক নিগ্রহৰ তীব্র প্রতিবাদ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বহিঃবিভাগ বন্ধ

বার্তা ব্যুৰ’, যোৰহাট ঃ চিকিৎসক ডাঃ সেউজ সেনাপতিক আক্রমণৰ ঘটনাৰ বিৰুদ্ধে সর্বত্র প্রতিবাদ অব্যাহত আছে৷ আজি এই অমানৱীয় ঘটনাৰ প্রতিবাদ সাব্যস্ত কৰে যোৰহাট কনিষ্ঠ চিকিৎসক সন্থা চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক গোটে৷ পুৱা প্রায় ন বজাৰ পৰা কনিষ্ঠ চিকিৎসক সন্থাই জৰুৰী সেৱাসমূহৰ বাদে আন সেৱা বন্ধ ৰাখি হাতে হাতে প্লে–কার্ড, বেনাৰ লৈ প্রতিবাদ সাব্যস্ত কৰে৷ চিকিৎসকসকলে আজি বহিঃবিভাগ বর্জন কৰি চিকিৎসকসকলে বিয়লি দুই বজালৈকে প্রতিবাদ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী জনায়৷ প্রতিবাদী চিকিৎসকসকলে কয় যে আৰক্ষীয়ে ইতিমধ্যে ২৪জন অভিযুক্তক কৰায়ত্ত কৰিছে যদিও আইনৰ সুৰুঙাৰে যাতে কোনো সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্রহণৰ দাবী জনায়৷
চিপিআই(এম)ৰ গৰিহণা

হোজাই জিলাৰ ফুলতলী ক’ভিড চিকিৎসা কেন্দ্রত কর্মৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কালি এদল লোকে নৃশংসভাৱে মাৰপিট কৰা ঘটনা অত্যন্ত নিন্দনীয়৷ চি পি আই(এম) অসম ৰাজ্যিক কমিটীয়ে এই ঘটনাৰ তীব্র নিন্দা কৰিছে আৰু অভিযুক্তসকলৰ দ্রুত বিচাৰ কৰি কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা ল’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷

RELATED ARTICLES