peepl-small

নতুন দিল্লী–শ্বিলঙৰ মাজত আৰম্ভ পোনপটীয়া বিমান সেৱা

PUBLISHED:

গুৱাহাটীঃ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে দেশৰ ৰাজধানী নতুন দিল্লীৰ সৈতে ৰাজ্যসমূহৰ ৰাজধানী চহৰসমূহক পোনপটীয়া বিমান সেৱাৰে সংযুক্ত কৰা আঁচনিৰ অংশ হিচাপে আজি প্রথমবাৰৰ বাবে নতুন দিল্লী আৰু মেঘালয়ৰ একমাত্র শ্বিলঙৰ সমীপৰ বৰাপানী বিমানবন্দৰৰ সৈতে পোনপটীয়া বিমান চলাচলৰ শুভাৰম্ভ কৰা হয়৷ শ্বিলঙৰ বৰাপানী বিমানবন্দৰত বিমান সেৱা কোম্পানী ‘ফ্লাই বিগ’ৰ দ্বাৰা আৰম্ভ হোৱা বিমান সেৱা উদ্বোধন কৰে মেঘালয়ৰ পৰিবহণ মন্ত্রী এছ ধৰ, বিধায়ক জি বি লিংপে আৰু ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক এম ৰমেশে৷

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে এই বিমান সেৱাই বায়ু যাতায়াতৰ ক্ষেত্রত মেঘালয়ক এক নতুন মাত্রা প্রদান কৰিব বুলি ব্যক্ত কৰে৷ আনহাতে, অনুষ্ঠানত মেঘালয় চৰকাৰৰ মুখ্য সচিব এম এফ ৰাও, পৰিবহণ বিভাগৰ সচিব এম আৰ চিনৰেম, ৰিভ’ই জিলাৰ উপায়ুক্ত আৰ এম কুৰবা, ফ্লাই বিগৰ মুখ্য কার্যকৰী বিষয়া কেৰেটন

RELATED ARTICLES