peepl-small

দিচাং ৰিজ’ৰ্টত ৰাখিব মহাজোঁটৰ প্রার্থীকঃ ৰিজ’ৰ্টখনৰ ৭০টা কোঠা বুক

PUBLISHED:

গুৱাহাটী: ক’ৰোনাৰ ভয়াৱহতাৰ মাজতো অব্যাহত আছে কংগ্রেছৰ হোটেল ৰাজনীতি৷ বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা মহাজোঁটৰ প্রার্থীসকলক নিলগে ৰখাৰ বাবে কংগ্রেছৰ উদ্যোগত আটাইকে একেলগে ৰখাৰ ব্যৱস্থা কৰিছে৷ পূর্বতে গুৱাহাটীকে ধৰি মধ্য অসম, নামনি অসমৰ প্রার্থীসকলক খানাপাৰাৰ গ্রীনউড ৰিজ’ৰ্ট আৰু উজনি অসম–উত্তৰ অসমৰ প্রার্থীসকলক তেজপুৰৰ গ্রীনউড হোটেলত একেলগে ৰখাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু শেহতীয়াকৈ কংগ্রেছে প্রার্থীসকলক সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত ৰখাৰ ব্যৱস্থা কৰিছে৷

আজিৰ পৰা মহাজোঁটৰ প্রার্থীসকলক দিচাং ৰিজ’ৰ্টত ৰখাৰ বাবে ৰিজ’ৰ্টখনৰ ৭০টা কোঠা বুকিং কৰিছে৷ ৰিজ’ৰ্ট কর্তৃপক্ষই জানিবলৈ দিয়া মতে, সদ্যহতে কংগ্রেছে আজিৰ পৰা অহা ২৬ এপ্রিললৈ ৰিজ’ৰ্টখনৰ ৭০টা কোঠা বুক কৰিছে৷ কিন্তু ৰিজ’ৰ্ট কর্তৃপক্ষই তেওঁলোকৰ তাত থকা আন ১০টা কোঠাও বুকিং কৰিবলৈ অনুৰোধ জনাইছে আৰু কংগ্রেছে মুঠ ৮০টা কোঠা বুকিং কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিছে৷

ৰিজ’ৰ্ট কর্তৃপক্ষই জনোৱা অনুসৰি মহাজোঁটৰ প্রার্থীসকল থাকিবলগীয়া অট্টালিকাটোত বাহিৰৰ পৰা কোনো লোকে দেখা নোপোৱাকৈ আৰু ভিতৰৰ পৰাও বাহিৰ দেখা নোপোৱাৰ ব্যৱস্থা কৰিবলৈ কংগ্রেছে জনাইছে৷ সেই অনুসৰি তেওঁলোকে বাহিৰত বিশাল স্ক্রীন দি সেই ব্যৱস্থা সম্পাদন কৰাৰ পদক্ষেপ লৈছে৷ তদুপৰি হোটেলৰ ভিতৰতে টেনিছ ক’ট, ভলীবল ক’ট স্থাপনৰ ব্যৱস্থা কৰিবলৈ দিচাং ৰিজ’ৰ্ট কর্তৃপক্ষক জনাইছে৷ ৰিজ’ৰ্টখনত জীমৰ সুবিধাৰ লগতে ছুইমিং পুল, স্পাৰ সুবিধা আছে যদিও ক’ভিড পৰিস্থিতিৰ বাবে ছুইমিং পুল সদ্যহতে বন্ধ কৰি ৰাখিছে৷

স্পাৰ ক্ষেত্রত দৈনিক টকা আদায় দিব লাগিব৷ টেনিছ ক’ৰ্ট স্থাপনৰ বাবেও ৰিজ’ৰ্ট কর্তৃপক্ষই অতিৰিক্ত ধন কংগ্রেছৰ পৰা বিচাৰিছে আৰু কংগ্রেছে সেই ধন আদায়ত সন্মতি প্রকাশ কৰিছে৷ আনহাতে, ৰিজ’ৰ্টত থকাৰ সময়ছোৱাত প্রার্থীসকল আন লোকৰ সংস্পর্শলৈ যোৱাতো বাদেই ৰিজ’ৰ্টখনৰ কর্মচাৰীসকলৰ পৰাও নিলগাই ৰখাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ প্রার্থীসকলৰ সেৱা–শুশ্রূষাৰ বাবে কংগ্রেছে ১৫ৰ পৰা ২০জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে৷ সেইসকল স্বেচ্ছাসেৱকেহে প্রার্থীসকলক সেৱা–শুশ্রূষা আগবঢ়াব৷

অৱশ্যে ইয়াৰ পূর্বে প্রতিগৰাকী স্বেচ্ছাসেৱকে ক’ভিড টেষ্ট কৰিহে ৰিজ’ৰ্টখনত প্রৱেশ কৰিব পাৰিব৷ এই সম্পর্কত কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৰিজ’ৰ্টখনত থকা অৱস্থাত প্রার্থীসকলক সেৱা–শুশ্রূষা আগবঢ়োৱাৰ বাবে প্রায় ৪০জনীয়া বৃহৎ স্বেচ্ছাসেৱকৰ দল এটা সাজু কৰি ৰাখিছে৷ তেওঁলোকে ছিফ্ট অনুসৰি ৰিজ’ৰ্টখনত প্রার্থীসকলক সেৱা–শুশ্রূষা আগবঢ়াব৷ ৰিজ’ৰ্টত থকাৰ সময়ছোৱাত প্রার্থীসকলে ম’বাইল ফোন ব্যৱহাৰ কৰিব পাৰিব যদিও সেয়া বহু পৰিমাণে নিয়ন্ত্রিত থাকিব৷

ইপিনে, মহাজোঁটৰ অন্যতম অংশীদাৰ দল বিপিএফৰ প্রার্থীসকলক মানাহৰ ছিখ্রি লজত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ দিচাং ৰিজ’ৰ্টৰ দৰেই ছিখ্রি লজতো বিপিএফৰ ১১ প্রার্থীক আন লোকৰ সংস্পর্শৰ পৰা আঁতৰাই ৰখা হৈছে৷ মুঠতে হর্ছ ট্রেডিঙৰ শংকাত ভোগা মহাজোঁটে এতিয়া নিজৰ প্রার্থীসকলক হোটেলত আবদ্ধ কৰি একপ্রকাৰ নজৰবন্দী কৰিব ওলাইছে৷

RELATED ARTICLES