peepl-small

ডিব্ৰুগড়ত ক’ভিডে প্ৰাণ ল’লে মহিলা চিকিৎসকৰ

PUBLISHED:

গুৱাহাটী: মহামাৰী ক’ভিডত আক্ৰান্ত হৈ ডিব্ৰুগড়ত পুনৰ এগৰাকী মহিলা চিকিৎসকৰ মৃত্যু হৈছে।

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দন্ত চিকিৎসক ডাo চেঞ্জিং গোহাঁয়ে (৩৫) ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।

জানিব পৰামতে চিকিৎসকগৰাকীৰ যোৱা ১৮ মে’ত প্ৰথম ক’ভিড পজিটিভ হোৱাত অসম মেডিকেল কলেজত ভৰ্তি কৰা হয় আৰু যোৱা ৬ জুনত চিকিৎসকগৰাকী সুস্থ হোৱাত ঘৰলৈ যাব দিয়া হয়।

কিন্তু পুনৰ চিকিৎসক গৰাকীৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত ১৫ জনুত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ভতি কৰোৱা হয় যদিও শুকুৰবাৰে নিশা মৃত্যু হয়।

জানিব পৰা মতে জিলাখনৰ নাহৰকটীয়াৰ নামফাকিয়াল গাঁৱৰ বাসিন্দা চিকিৎসকগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল।

মৃত্যুৰ সময়ত চিকিৎসকগৰাকীয়ে এটি সন্তান,স্বামীসহ আত্মীয়-স্বজনক এৰি থৈ যায়। বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কল্যান সমিতিৰ হৈ চিকিৎসকগৰাকীয়ে কাৰ্যনিবাহ কৰি আছিল। 

RELATED ARTICLES