peepl-small

ষ্ট্ৰবেৰী বিক্ৰী কৰি ৩০ লাখ উপাৰ্জন খেতিয়ক মহেন্দ্ৰ সিং ধোনিৰ

PUBLISHED:

গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ পৰিচয় গঢ়িছিল এগৰাকী কৃষক ৰূপে।

অনন্য ব্যক্তিত্বৰ অধিকাৰী ক্ৰিকেটাৰগৰাকীয়ে অৱসৰ ঘোষণাৰ আগেয়ে বেটৰ সলনি ট্ৰেক্টৰৰ ষ্টেয়াৰিং ঘূৰোৱা দৃশ্যই সকলোকে একপ্ৰকাৰ আচৰিত কৰিছিল। কিন্তু আজি তেওঁ এগৰাকী সফল কৃষক।

জৈৱ সাৰ প্ৰয়োগ কৰি ফচল উৎপাদনৰ উদ্দেশ্য আগত ৰাখি ধোনিয়ে কৰা ষ্ট্ৰবেৰীৰ খেতিৰ পৰা আয় কৰিছে ৩০ লাখ টকা। তেওঁ এই ঋতুত কেৱল ষ্ট্ৰবেৰী ফল বিক্ৰী কৰি ৩০ লাখ টকা উপাৰ্জন কৰিছে।

‘কেপ্টেইন কুল’ খ্যাত ধোনীয়ে তেওঁৰ ফাৰ্মহাউচত বিভিন্ন পাচলি আৰু ফলৰ খেতিও কৰি আছে। ধোনীৰ ফাৰ্মত এই বছৰ ষ্ট্ৰবেৰীৰ লগতে তৰমুজৰো খেতি কৰিছে। প্ৰতিদিনে মাটিৰ পৰা ২০০-৩০০ কিলোগ্ৰাম তৰমুজ বজাৰলৈ পঠিয়াই থকা হৈছে।

খবৰ অনুসৰি, ৪৩ একৰ ভূমিৰ ধোনিৰ খেতিপথাৰ আছে। তেওঁৰ খেতিপথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয়। ইয়াত কেৱল জৈৱিক সাৰ প্ৰয়োগ কৰে তেওঁ। ধোনীৰ ফাৰ্মত কেপচিকামৰ উৎপাদনো ভাল।

দেখা গৈছে যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ ধোনিয়ে আনকি শ্ৰেষ্ঠ কৃষকৰ মৰ্যাদাও লাভ কৰিব পাৰে। আনহাতে ধোনিৰ এই কাৰ্য দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ থল আছে।

RELATED ARTICLES