peepl-small

পহিলা ব’হাগত গুৱাহাটীৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ

PUBLISHED:

গুৱাহাটীঃ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন মঠ-মন্দিৰ আৰু দেৱালয়ত ভক্তৰ সমাগম ঘটে ।

দেৱীক সেৱা জনাবলৈ নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত পুৱাৰে পৰা ভিৰ কৰে বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে।

শান্তি-সমৃদ্ধিৰে পৰিপূৰ্ণ এটি বছৰৰ আশাৰে ঐতিহাসিক উগ্ৰতাৰা দেৱালয়ত আঁঠু লয় বহুজনে।
নিজৰ লগতে পৰিয়াল-পৰিজনৰ মংগল কামনাৰে পূজা-অৰ্চনা কৰে ভক্তসকলে।

আনহাতে, লতাশিলৰ গণেশ মন্দিৰতো সেৱা জনায় বহুজনে। অৱশ্যে, পূৰ্বৰ তুলনাত এইবাৰ ৰাইজৰ উপস্থিতি কম বুলি জনায় গণেশ মন্দিৰটোৰ সন্মুখত পূজাৰ সামগ্ৰী বিক্ৰী কৰা এজন বিক্ৰেতাই।
“বিক্ৰী এইবাৰ কম। আগতে ভক্তৰ দীঘলীয়া শাৰী থাকিছিল। এইবাৰ কৰোনা মহামাৰীৰ বাবে ভক্তৰ সংখ্যা কম।”ক্ষুদ্ৰ ব্যৱসায়ীজনে এনেদৰে প্ৰকাশ কৰে।

গুৱাহাটী মহানগৰীৰ আন আন স্থানত থকা বিভিন্ন উপাসনাস্থলীসমূহতো পূজা-সেৱা আগবঢ়ায় ভক্তসকলে। অপায়-অমংগলৰ পৰা ৰক্ষা আৰু সুখ-সমৃদ্ধিৰ কামনাৰে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় তেওঁলোকে।

RELATED ARTICLES