peepl-small

দেউৰীসকলৰ বোকা বিহু পালন

PUBLISHED:

গুৱাহাটীঃ বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা দেউৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰে বোকা বিহু। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ তথা ঢকুৱাখনা মহকুমাৰ একমাত্ৰ দেউৰী জনগোষ্ঠী বসতি প্ৰধান গাঁও বালি দেউৰীতো উলহ-মালহেৰে পালন কৰা হয় বোকা বিহু।

এই বোকা বিহুৰ জৰিয়তে দেউৰী জনগোষ্ঠীৰ ৰঙালী বিহুৰ আৰম্ভ ঘটে। পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা বোকা বিহুত গাঁওখনৰ সকলো বয়সৰ সৰ্বস্তৰৰ লোকে উচাহেৰে অংশগ্ৰহণ কৰে।

RELATED ARTICLES