peepl-small

মৰণোত্তৰ প্রতিবেদনৰ তথ্য প্রকাশ: হত্যাকাৰীৰ ধর্ষণৰ বলি হোৱা নাছিল নেহা

PUBLISHED:

গুৱাহাটী: বশিষ্ঠৰ পাটৰকুছিৰ নেহা কুমাৰী নামৰ ২০ বছৰীয়া যুৱতীগৰাকীক কোনে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ মহানগৰ আৰক্ষীয়ে নেহাৰ হত্যাকাণ্ডৰ ক্লু লাভ কৰিছে যদিও এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান উলিয়াব পৰা নাই৷ আৰক্ষীয়ে ইতিমধ্যে নেহাৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লাভ কৰিছে৷ এই প্রতিবেদনত হত্যাকাৰীয়ে নেহাক ধর্ষণ কৰি হত্যা কৰা নাছিল বুলি প্রকাশ পাইছে৷ তদুপৰি হত্যাকাৰীয়ে নেহাক বিহপান অথবা গধুৰ বস্তুৰে আঘাত কৰি হত্যা কৰা নাছিল৷

১০ এপ্রিলৰ দুপৰীয়া ১.৪৮ বজাৰ পৰা সন্ধানহীন হোৱা নেহাৰ মৃতদেহ ১৩ এপ্রিলত অর্ধনগ্ণ অৱস্থাত পাটৰকুছিৰ এটা পিটনিত উদ্ধাৰ হৈছিল৷ প্রাথমিক তদন্তৰ অন্তত এয়া হত্যাকাণ্ড বুলি প্রকাশ কৰিছিল আৰক্ষীয়ে৷

মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন পোৱাৰ পাছতে হত্যাকাৰীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ নেহাৰ মৃতদেহটো পৰিকল্পিতভাৱে অর্ধনগ্ণ অৱস্থাত পেলাই থৈ গৈছিল৷ নেহাৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীয়ে মাতৃ, পৰিয়ালৰ লোক, জৈনিক ভট্টাচার্য, নেহাৰ প্রেমিক ৰাহুল গুপ্তাকে ধৰি কেইবাজনো লোকক সোধা–পোছা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷

মাত্র দুটা দিনৰ ভিতৰতে নেহাৰ মৃতদেহটো কেনেকৈ উৱলি গ’ল তাক লৈও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ফৰেনছিকৰ প্রতিবেদন অহাৰ পাছতে নেহাৰ হত্যাকাণ্ডৰ কেইবাটাও দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে৷

RELATED ARTICLES