peepl-small

কি দৰব খাব ক’ভিড ৰোগীয়ে? নির্দেশনা জাৰি কৰি স্বাস্থ্য বিভাগৰ বিধান–পত্র

PUBLISHED:

গুৱাহাটীঃ ক’ভিড আক্রান্ত ৰোগীক কি দৰব দিয়া হ’ব, সেই সম্পর্কত বিধান–পত্র দিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলে প্রতিখন জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকলৈ প্রেৰণ কৰা এক নির্দেশত (নং এইচ এল এ ২৪৯/২০২০/১০, তাৰিখ ১৯ মে’ ২০২১) সেই বিধান–পত্রৰ বিষয়ে উল্লেখ কৰিছে ৷

ক’ভিড কেয়াৰ চেণ্টাৰ অথবা হোম আইছ’লেচনত থকা ক’ভিড ৰোগীসকলক সাতবিধ দৰব যোগান ধৰাৰ নির্দেশ দিয়া হৈছে৷ দৰবসমূহ হৈছে–Tab Azithromycin 500 mg x 5 days (প্রতিদিনে এটাকৈ পিল ৫ দিন খাব),Tab Paracetamol 500/650mg (এটাকৈ পিল আহাৰ খোৱাৰ পাছত খাব যদি গাৰ উষ্ণতা ৯৯০ ফাৰেনহাইট অথবা গাৰ বিষ হয়),Tab Zinc 50 mg (এটাকৈ দিনে খোৱাৰ পাছত ১৫ দিন খাব),Tab Vitamin C 500 mg (এটাকৈ দিনে দুবাৰ খোৱাৰ পাছত ১৫ দিন খাব),Cap Vitamin D3 60K (এটাকৈ সপ্তাহত ৮ সপ্তাহ খাওক),Tab famotidine 20 mg (এটাকৈ দিনে দুবাৰ খোৱাৰ আগত ১৫ দিন খাওক) আৰুCough Syrup (কাহ হ’লে দুচামুচকৈ দিনে তিনিবাৰ খাব)৷ নির্দেশটোত স্বাস্থ্য বিভাগৰ প্রধান সচিব গোৱেলে ক’ভিড ৰোগীসকলক উক্ত দৰবসমূহ পেকেট আকাৰে যোগান ধৰাৰ লগতে বিধান–পত্রখন পেকেটৰ ভিতৰত সন্নিৱিষ্ট কৰিবলৈ পৰামর্শ দিয়ে ৷

RELATED ARTICLES