peepl-small

টিকট নাপাই AIUDFৰ নেতাই ল’লে আত্মহত্যাৰ পণ, জানাজালৈ নিমন্ত্ৰণ জনালে আজমলক

PUBLISHED:

গুৱাহাটী: জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন খেলাৰ সপোন আছিল ৰফিকুল ইছলাম নামৰ এগৰাকী লোকৰ। বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰাৰ্থী বাছনিৰ তুলাচনীত উঠিছিলো তেওঁৰ নাম।

কিন্তু শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত আচৰিতভাৱে ৰফিকুলৰ নাম কৰ্তন কৰি আন এগৰাকী প্ৰাৰ্থীক জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে আজমলে। এই দুখতে ৰফিকুলে সংবাদমেল সম্বোধন কৰি আত্মহত্যাৰ কথা ঘোষণা কৰে।

এই ঘোষণাৰ সময়ত ৰফিকুলৰ ওচৰত বহি থকা সতীৰ্থক দেখা গ’ল ক্ৰুন্দনৰত অৱস্থাত। ৰফিকুলে আত্মাহত্যাৰ পিছত বদৰুদ্দিন আজমলক জানাজাত অহাৰ বাবে আমন্ত্ৰণো জনায়।

ৰফিকুল ইছলামে কয়- ‘এই খবৰটো শুনি বহুতে দুখ পাইছে, বহুতে কান্দি আছে, কিছুমানে চেলাইন লৈ আছে। এনে অৱস্থাত মই নিজেও আত্মহত্যাৰ বাহিৰে আন পথ ল’ব নোৱাৰো। আৰু ২-৪ দিন পিছত মৌলানা বদৰুদ্দিন চাহাবে হয়তো এই খবৰটো পাব যে মই আৰু এই দুনিয়াত নাই। মই তেওঁক মোৰ জানাজাত আহিবলৈ আমন্ত্ৰণ জনালোঁ।’

RELATED ARTICLES