peepl-small

কংগ্রেছত তীব্র নেতৃত্ব পৰিৱর্তনৰ দাবীঃ নতুন সভাপতিৰ চর্চাত দেৱব্রত শইকীয়া

PUBLISHED:

গুৱাহাটীঃ আসন্ন বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অনুষ্ঠিত হোৱা বিধানসভাৰ ছেমিফাইনেল ৰূপে পৰিচিত বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত কংগ্রেছ দল শোচনীয়ভাৱে বিপর্যস্ত হোৱাৰ পাছত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে দলটোৰ ভিতৰচ’ৰাত৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দুয়োটা নির্বাচনতে উবুৰি খাই পৰাৰ পাছতো কংগ্রেছক উদ্ধাৰ কৰিব নোৱাৰিলে৷ সভাপতি বৰাৰ কার্যকালত হোৱা প্রতিটো নির্বাচনতে কংগ্রেছৰ উপর্যুপৰি পৰাজয়ৰ পাছত দলৰ ভিতৰত পুনৰ সজোৰে উত্থাপন হৈছে নেতৃত্ব পৰিৱর্তনৰ দাবী৷ দলটোৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ইতিমধ্যে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ সন্মুখতেই নেতৃত্ব পৰিৱর্তনৰ দাবী উত্থাপন কৰে৷ বিটিচি নির্বাচনত দলৰ শোচনীয় বিপর্যয়ৰ পাছতেই পুনৰ তেওঁ নেতৃত্ব পৰিৱর্তনৰ দাবীত সৰৱ হৈ পৰিছে৷

আনকি বিধায়ক কুর্মীয়ে নতুন বছৰত ৰাজ্যৰ কংগ্রেছ দলক নতুন নেতৃত্বক দায়িত্ব দিয়াৰো দাবী উত্থাপন কৰিছে৷ এই প্রসংগতে তেওঁ কয় যে দলত নেতৃত্ব সলনিৰ বাবে তেওঁ দাবী উত্থাপন কৰাৰ পাছত ছ’চিয়েল মিডিয়াত তেওঁক ১০–১৫ শতাংশ লোকে সমালোচনা কৰিছে৷ কিন্তু ৮০ শতাংশৰো অধিক লোকে তেওঁক সমর্থন কৰিছে৷ ৮০ শতাংশৰো অধিক লোকে নেতৃত্বৰ পৰিৱর্তন বিচাৰিছে৷ তাৰ বাবেই তেওঁক সমর্থন আগবঢ়াইছে৷ দলক উদ্ধাৰ কৰিবলৈ হ’লে নতুন বছৰত নতুন নেতাৰ হাতত নেতৃত্ব অর্পণ কৰিব লাগিব৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, অসমত কংগ্রেছ দলৰ শোচনীয় অৱস্থাক লৈ হাইকমাণ্ডো সাংঘাতিক ধৰণে অসন্তুষ্ট৷ যাৰ পৰিপ্রেক্ষিতত এ আই চি চিয়ে অসমত দলৰ কাম–কাজ চোৱাচিতাৰ লগতে সঠিকভাৱে আগুৱাই নিয়াৰ বাবে এ আই চি চিৰ তিনি সাধাৰণ সম্পাদক অনিৰুদ্ধ সিং, বিকাশ উপাধ্যায় আৰু পৃথ্বিৰাজ প্রভাকৰক অসমৰ দায়িত্ব অর্পণ কৰিছে৷ দলীয় সূত্রটোৱে জানিবলৈ দিয়া মতে, সম্প্রতি ৰিপুণ বৰাৰ বিকল্প হিচাপে নতুন দিল্লীত কংগ্রেছৰ শীর্ষ মহলত চিন্তা–চর্চা আৰম্ভ হৈছে৷

প্রতিটো নির্বাচনত দলৰ উপর্যুপৰি পৰাজয়ৰ লগতে বর্তমান দলটোত আৰম্ভ হোৱা গৰাখহনীয়ায়ো এ আই চি চিক চিন্তিত কৰি তুলিছে৷ বিশেষকৈ দলৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা তথা বিধায়কে কংগ্রেছ এৰি বিজেপিত যোগদানৰ বাবে যো–জা চলোৱা খবৰে এ আই চি চিক উদ্বিগ্ণ কৰি তুলিছে৷ তাৰ বাবেই শীর্ষ নেতৃত্বই নেতৃত্ব পৰিৱর্তনৰ বিষয়টোও চিন্তা–চর্চা কৰিবলৈ আৰম্ভ কৰিছে৷ এইক্ষেত্রত শীর্ষত আছে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নাম৷ দলৰ বহু বিধায়ক আৰু জ্যেষ্ঠ নেতা তথা যুৱ প্রজন্মই পৰৱর্তী সভাপতি হিচাপে দেৱব্রত শইকীয়াক বিচৰাৰ পৰিপ্রেক্ষিততে কংগ্রেছৰ শীর্ষ নেতৃত্বই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে৷ শইকীয়াৰ পাছতেই চর্চাত থকা আন কেইগৰাকীমান নেতা হৈছে– এ আই চি চিৰ সম্পাদক তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, লোকসভাৰ উপ–দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু এ আই চি চিৰ সম্পাদক ভূপেন বৰা৷ ইপিনে নেতৃত্ব সলনিৰ প্রসংগত আজি সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়– ‘নেতৃত্ব সলনি হ’লে হ’ব, কি কথা৷ কংগ্রেছ মোৰ আদর্শ৷ মই কংগ্রেছী হৈয়েই থাকিম৷ মই দলৰ কাম কৰি যাম৷ নেতৃত্ব সলনি হ’লেও মইতো মৰি নাযাওঁ৷’

স্মর্তব্য যে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই দলৰ গৰিষ্ঠসংখ্যকৰ তীব্র বিৰোধিতা সত্ত্বেও সদ্যসমাপ্ত বিটিচি নির্বাচনত দলৰ ক’ৰ কমিটীৰ কোনো অনুমোদন নোহোৱাকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ পাছতেই দলটোৰ নেতৃত্ব প্রবল প্রত্যাহ্বানৰ সন্মুখীন হয়৷ বিগত দিনসমূহত বৰাই দলত সকলোকে ধৰি ৰখাৰ ক্ষেত্রতো যিদৰে পাৰদর্শিতা প্রদর্শন কৰিব লাগিছিল, তাৰ বিপৰীত পন্থাহে গ্রহণ কৰা বিষয়টোক লৈও দলৰ জ্যেষ্ঠ নেতাসকল ভিতৰি ভিতৰি সাংঘাতিক ধৰণে নাৰাজ৷

RELATED ARTICLES