peepl-small

ৰাজ্যিক কর্মচাৰী সমাজেও তাৎক্ষণিকভাৱে পাব ডিএ

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যিক কর্মচাৰীসকলৰ বিভিন্ন সমস্যা সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কালি নিশা জনতা ভৱনত সদৌ অসম কর্মচাৰী পৰিষদৰ এক অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হয়৷ পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু ভাৰপ্রাপ্ত সম্পাদকপ্রধান শ্যামন্ত দাসে এক বিবৃতিত কয় যে ৰাজ্যিক কর্মচাৰীৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনিখন চলিত বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰা কার্যকৰী হ’ব বুলি চৰকাৰে ঘোষণা কৰিছিল আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান মিছন সঞ্চালকক ইয়াৰ ৰূপৰেখা প্রস্তুতৰ দায়িত্ব দিছিল৷ মিছন সঞ্চালকৰ উদ্যোগত ৰূপৰেখা প্রস্তুতিৰ কাম সম্পূর্ণ কৰিছিল যদিও ৰাজ্য চৰকাৰে বিধানসভা নির্বাচনৰ আগে আগে বিভিন্ন কাৰিকৰী অজুহাতত কার্যকৰী নকৰিলে৷ সেইদৰে শিক্ষকৰ আর্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি, ৰাষ্ট্রীয় পেন্সন আঁচনিৰ পৰিৱর্তে পুৰণা পেন্সন আঁচনি প্রৱর্তন, প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি, ফিক্সড টি এ আদায়কে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে মুখ্যমন্ত্রীৰ ওচৰত উত্থাপন কৰে৷

বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই উক্ত দাবীসমূহ নিষ্পত্তিৰ বাবে বিভাগীয় মন্ত্রী, বিষয়াৰ উপস্থিতিত বিধানসভাত চলিত বাজেট অধিৱেশনৰ পাছত ক’ভিড অতিমাৰী কিছু নিয়ন্ত্রণ হ’লে কর্মচাৰী পৰিষদৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷ আনহাতে, কেন্দ্রীয় চৰকাৰে বন্ধ ৰখা মৰগীয়া বানচৰ তিনিটা কিস্তিৰ মুঠ ১১ শতাংশ আদায়ৰ ঘোষণাৰ বিষয়টো উত্থাপন কৰাত কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিলে ৰাজ্য চৰকাৰেও তাৎক্ষণিকভাৱে মৰগীয়া বানচ মুকলি কৰি দিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷

শেহতীয়াভাৱে জুলাই মাহৰ পৰা প্রতিমাহে দৰমহাৰ বিলৰ সৈতে কর্মচাৰীসকলে বিজুলী বিল আদায়ৰ ৰচিদ দিবলগীয়া ব্যৱস্থাত কর্মচাৰী পৰিষদে আপত্তি দর্শায়৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই মাত্র জুলাই মাহত বিজুলী বিল আদায়ৰ ৰচিদ দৰমহাৰ বিলৰ সৈতে দিলেই হ’ব বুলি কর্মচাৰী পৰিষদৰ নেতৃত্বক জানিবলৈ দিয়ে৷

আনহাতে, অসম সচিবালয়ৰ প্রশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ বিষয়ে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা নথিত টোকা আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পাছত জনতা ভৱনৰ একাংশ কর্মচাৰীৰ মাজত ভয়–শংকাৰ উদ্ভৱ হৈ বিৰূপ প্রতিক্রিয়া হোৱাৰ বিষয়টো মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ হয়৷

মুখ্যমন্ত্রী ড০ শর্মাই জনতা ভৱনৰ প্রতিগৰাকী বিষয়া–কর্মচাৰীক সু–শাসনৰ বাবে কাম–কাজত জড়িত কৰাৰ প্রয়াসৰ কথা অৱগত কৰে৷ বৰঞ্চ সচিবালয় সেৱাৰ বাবে বিষয়া পর্যায়ৰ অধিক পদ সৃষ্টি কৰি জনসাধাৰণৰ সেৱাৰ স্বার্থত নিয়োজিত কৰিব বুলি জানিবলৈ দিয়ে৷ প্রশাসনীয় সংস্কাৰৰ বাবে কোনো বিষয়া–কর্মচাৰী শংকাত ভুগিব নালাগে বুলি মুখ্যমন্ত্রীয়ে কর্মচাৰী পৰিষদৰ প্রতিনিধি দলটোৰ আগত ব্যক্ত কৰে৷

RELATED ARTICLES