গুৱাহাটীঃ ছিপাঝাৰৰ ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰৰ ভূমি একাংশ দুষ্কৃতিকাৰীয়ে বেদখল কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত দৰঙৰ ঐতিহ্যক্ষেত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই।
বেদখলকাৰীসকলক শীঘ্ৰে মন্দিৰৰ ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
মন্দিৰৰ ভূমি স্থায়ীভাৱে সংৰক্ষণ কৰাৰ বাবে উপায়ুক্তৰ লগত আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে শৰ্মাই।
উল্লেখযোগ্য যে ১৯ জানুৱাৰীত প্ৰশাসনে ধলপুৰৰ বেদখলকাৰীসকলক উচ্ছেদ কৰিছিল যদিও পুনৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰি বসতি পাতিছে একাংশ সন্দেহদনক লোকে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় — ” আমি মন্দিৰ কমিটীৰ যিখিনি কথা গ’ম পালোঁ— ধলপুৰ শিৱ মন্দিৰৰ বাবে ১৮৯ বিঘামান মাটি আৱণ্টন কৰা হৈছিল। তাৰে ১২০ বিঘা মান মাটিয়েই বেদখলকৃত।”