peepl-small

নগাঁৱৰ কুখ্যাত ডকাইত জয়দুল কবিৰ গুলীবিদ্ধ, জব্দ পিষ্টল

PUBLISHED:

গুৱাহাটীঃ   নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ দ্বাৰা গঠিত বিশেষ একচন গ্রুপে ধাৰাবাহিক ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে সমগ্র জিলাখনতে৷ অবৈধ ড্রাগ্ছ সৰবৰাহৰ বিৰুদ্ধে চলাই থকা আৰক্ষীৰ অভিযানৰ সময়ত পুনৰ এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হ’ল নগাঁও জিলাত৷ দুদিন পূর্বে নগাঁও চহৰৰ সমীপৱর্তী হেৰাপট্টিত মনচুৰ আলী নামৰ ড্রাগ্ছ মাফিয়াটোৰ সৈতে গুলীয়াগুলী হোৱাৰ পাছত কালি নিশা পুনৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় জুৰীয়াৰ কুখ্যাত ডকাইত জয়দুল কবিৰৰ সৈতে৷

ঘটনা সন্দর্ভত জানিব পৰা মতে, দেওবাৰে নিশা প্রায় ১১.৩০ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র, উপ–আৰক্ষী অধীক্ষক কল্যাণ দাস আৰু জুৰীয়া আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলৰ সৈতে মুখামুখি সংঘর্ষত লিপ্ত হয় কুখ্যাত ডকাইত জয়দুল কবিৰ৷

বিশেষ সূত্রৰ পম খেদি আৰক্ষীয়ে বটদ্রৱা থানাৰ অন্তর্গত কদমনি টাউনৰ বেপাৰীবস্তিত থকা কুখ্যাত ডকাইত কবিৰৰ ঘৰটো চাৰিওফালৰ পৰা ঘেৰাও কৰি কবিৰক আত্মসমর্পণৰ নির্দেশ দিয়ে৷ কিন্তু আৰক্ষী অহাৰ উমান পাই কবিৰে নিজৰ পিষ্টলেৰে গুলীচালনা কৰি ঘৰৰ পিছফালেৰে পলাবলৈ চেষ্টা কৰে৷ সেই সময়তে আৰক্ষীয়ে কবিৰৰ ভৰিত গুলীয়াই আহত কৰাত কবিৰ সেইস্থানতে ঢলি পৰে৷ ইয়াৰ পাছতে আৰক্ষীয়ে কবিৰক গ্রেপ্তাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

সম্প্রতি কুখ্যাত ডকাইটো আৰক্ষীৰ তীক্ষ্ণ নজৰৰ মাজত চিকিৎসালয়ত চিকিৎসাধীন আছে৷ ধৃত ডকাইতটোৰ পৰা এটা নাইন এম এম পিষ্টল আৰু কেইবাৰাউণ্ড জীৱন্ত গুলী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ ঘটনা সন্দর্ভত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রই সংবাদ মাধ্যমৰ আগত কয় যে এই ডকাইতটোৱে দীর্ঘদিন ধৰি অপৰাধজনিত কাম–কাজ কৰি আহিছে৷ জয়দুলৰ বিৰুদ্ধে ১২টা হত্যাকাণ্ড জড়িত থকাৰ গোচৰো পঞ্জীয়নভুক্ত হৈ আছে জিলাখনৰ বিভিন্ন আৰক্ষী চকীত৷ অনায়াসে এনে ধৰণৰ কাম–কাজ কৰি অহা ডকাইতটোৱে বিপদৰ উমান পাই আৰক্ষীক গুলীয়াব বিচাৰিছিল৷ এয়ে প্রথম নহয়, আগতেও এই অপৰাধীজনে আৰক্ষীক আক্রমণ কৰিছে৷ আগতে আৰক্ষীৰ বন্দুক কাঢ়ি নিছিল৷ আমি আইনগতভাৱে ইয়াৰ ব্যৱস্থা গ্রহণ কৰিম৷

উল্লেখ্য যে ধৃত জয়দুল কবিৰৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন এলেকাত চুৰি, ডকাইতি, ড্রাগ্ছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ আছে৷ জয়দুল কবিৰৰ এইক্ষেত্রত এক বিশাল নেটৱর্ক আছে৷ জয়দুল কবিৰক গ্রেপ্তাৰ কৰিব পৰাটো নগাঁও আৰক্ষীৰ অন্যতম বৃহৎ সফলতা হিচাপে চিহ্ণিত হৈছে৷

RELATED ARTICLES