peepl-small

গড়চুকত তিনিটা চুৰি গেছ চিলিণ্ডাৰসহ চোৰ ধৃত

PUBLISHED:

গুৱাহাটীঃ  মহানগৰীৰ গড়চুক আৰক্ষীয়ে আজি তিনিটা চুৰি গেছ চিলিণ্ডাৰসহ এটা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰটো ছয়গাঁৱৰ বিশ্বজিৎ বাছফোৰ (২১) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত চোৰটো মহানগৰীৰ পল্টন বজাৰত আশ্রয় লৈ গুৱাহাটীৰ বিভিন্ন স্থানত চুৰি কার্যত লিপ্ত আছিল৷ কালি পুৱা গড়চুকৰ বেতকুছি জিনুজ্যোতি দেউৰী নামৰ ব্যক্তিজনৰ বাসগৃহত চোৰটোৱে পাকঘৰৰ তলা ভাঙি তিনিটা গেছ চিলিণ্ডাৰ চুৰি কৰে৷ ঘটনা সন্দর্ভত ভুক্তভোগী ব্যক্তিজনে গড়চুক থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীৰ ভাৰতীয় দণ্ডবিধি ৪৫৪/৩৮০ ধাৰাত ৩৭৮/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই চোৰটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ধৃত চোৰটোৰ পৰা চুৰি হোৱা চিলিণ্ডাৰ তিনিটা উদ্ধাৰ কৰাৰ লগতে চুৰি কার্যত ব্যৱহাৰ কৰা কিছু আপত্তিজনক সামগ্রী জব্দ কৰে৷

RELATED ARTICLES