peepl-small

২৬–২৭ মে’ত সামুদ্রিক ধুমুহা ‘য়াশ’–এ জোকাৰিব অসমক

PUBLISHED:

গুৱাহাটী: ওড়িশাত সৃষ্টি হোৱা সাগৰীয় য়াশ ঘূর্ণি বতাহৰ প্রভাৱ উত্তৰ–পূর্বাঞ্চলত দুদিন ধৰি পৰাৰ আশংকা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ য়াশ ঘূর্ণি বতাহৰ প্রভাৱৰ ফলত অহা দুদিনত উত্তৰ–পূর্বাঞ্চলৰ ঠায়ে ঠায়ে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা জনায় গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷

উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো জিলাত ইতিমধ্যে সতর্কতা জাৰি কৰিছে৷ বংগোপসাগৰত সৃষ্টি হোৱা য়াশ ঘূর্ণি বতাহে ওড়িশাৰ ভন্ন প্রান্তত ধুমুহাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আজি আৰু কাইলৈ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ঠাইত বিশেষ প্রভাৱ পেলাব৷ অৰুণাচল প্রদেশৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত দুয়োটা দিনত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্রিপুৰাতো প্রভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিছে৷ লগতে চিৰাং, বৰপেটা, কোকৰাঝাৰ, ডিমা হাছাও, কামৰূপ গ্রাম্য, দক্ষিণ শালমাৰা, নগাঁও, বাক্সা, কৰিমগঞ্জ, কার্বি আংলং, ধুবুৰী আদি জিলাতো ইয়াৰ প্রভাৱ পৰিব৷ সামুদ্রিক ধুমুহা ‘য়াশ’ৰ প্রভাৱত অসমতো তাণ্ডৱ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ বাবে ৰাজ্যজুৰি হাই এলার্ট জাৰি কৰা হৈছে৷

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কার্যবাহী জ্ঞানেন্দ্র দেৱ ত্রিপাঠীয়ে ৰাজ্যৰ প্রতিখন জিলাৰ উপায়ুক্তলৈ জৰুৰী বার্তা তথা নির্দেশনা প্রেৰণ কৰিছে৷ অগ্নি নির্বাপক, এন ডি আৰ এফ, অসামৰিক প্রতিৰক্ষা আদি সকলো জৰুৰী সেৱা সাজু কৰি ৰাখিবলৈ উপায়ুক্তসকললৈ নির্দেশ দিয়া হৈছে৷ বিশেষকৈ বানপ্রৱণ এলেকাসমূহত অতি সতর্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে৷ অতি বেছি বৃষ্টিপাত হ’ব পাৰে বুলি এনে অঞ্চলসমূহক সতর্ক কৰি দিয়া হৈছে৷ এই লৈ লখিমপুৰত সৃষ্টি হৈছে তীব্র আশংকা৷

কিয়নো কেইদিনমান ধাৰাসাৰ বৰষুণ দিলেই ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পৰা নীপকোৱে পানী এৰি দিয়ে আৰু লখিমপুৰত অবর্ণনীয় পৰিস্থিতি সৃষ্টি হয়৷ আনহাতে নির্মীয়মাণ সোৱণশিৰি প্রকল্পৰ পৰাও বেগেৰে অহা পানীয়ে জিলাখনত বিস্তৰ ক্ষয়–ক্ষতি কৰে৷ সম্প্রতি সামুদ্রিক ধুমুহা আৰু প্রবল বৃষ্টিপাতৰ ফলত এই দুয়ো প্রকল্পত যে পানী ওফন্দি উঠিব সেয়া ধুৰুপ৷ সেয়ে হ’লে প্রকল্পৰ জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে পানী মোকলাই দিয়াৰ সম্ভাৱা এশ শতাংশ৷ যদি সেয়ে হয় তেন্তে এফালে সামুদ্রিক ধুমুহাৰ তাণ্ডৱ, প্রবল বৃষ্টিপাত আৰু আনফালে দুই প্রকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত পনীয়ে লখিমপুৰ যে ধুই পেলাব আৰু এক অবর্ণনীয় পৰিস্থিতি সৃষ্টি হ’ব, তেনে এক ভয়াৱহ আশংকাই ৰাইজক বিব্রত কৰি তুলিছে৷

RELATED ARTICLES