peepl-small

গোলাঘাটত ২৪ ঘণ্টাত ওলাল ৭৩ জনৰ দেহত ক’ভিড

PUBLISHED:

গুৱাহাটীঃ গোলাঘাট জিলাত ক’ভিড ১৯ৰ দ্বিতীয়টো লহৰত আক্ৰান্তৰ সংখ্যা ৫৪৭ জনলৈ বৃদ্ধি পায় । আজিৰ দিনটোতে নতুনকৈ ৭৩ জন লোকৰ দেহত কভিড-১৯ৰ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৪১৫ জনলৈ বৃদ্ধি পাইছে ।

ইয়াৰে ৩৫৬ জনৰ ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৫৯ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা লোকসকলৰ বৰ্তমান ৪৫ জন গোলাঘাট কভিড হাস্পতালত, ১২ জন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত, যোৰহাট মেডিকেল কলেজত ১ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এজন ৰোগী চিকিৎসাধীন হৈ আছে ।

আজিৰ দিনটোতে ২৮ জন লোক সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিছে চিকিৎসকে । আজি ধৰা পৰা ৭৩ জন আক্ৰান্তৰ ভিতৰত কমাৰবন্ধাৰ ৬ , বোকাখাটৰ ১৮, সৰুপথাৰৰ ২১, মিছামৰাৰ ৯, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৩, চাৰিঙীয়া ১১, মৰঙী ২ জন আৰু গোলাঘাট নগৰ এলেকাত ৩ জন লোক আক্ৰান্ত হোৱা বুলি চিহ্নিত হৈছে ।

RELATED ARTICLES