peepl-small

বছৰি হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ

PUBLISHED:

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ দায়িত্ব বহন কৰি আহিছে গুৱাহাটী পৌৰ নিগমে৷ মহানগৰখনৰ উন্নয়নৰ দায়িত্ব বহন কৰা পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে বছৰৰ পিছত বছৰ ধৰি বিভিন্ন উন্নয়নমূলক কাম–কাজৰ নামত লুণ্ঠন চলাই অহাৰ অভিযোগ প্রায়ে উত্থাপন হৈ আহিছে৷ শেহতীয়াকৈ পোহৰলৈ আহিছে পৌৰ নিগমৰ অসাধু বিষয়া–কর্মচাৰীয়ে কৰ সংগ্রহৰ নামত চলাই অহা লুণ্ঠনৰাজৰ ভয়াৱহ তথ্য৷ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতো ২০২০–২১ বিত্তীয় বর্ষত গুৱাহাটী পৌৰ নিগমে বিভিন্ন উৎসৰ পৰা প্রায় ১১০ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হয়৷

চলিত বর্ষৰ মে’ মাহলৈকে গুৱাহাটী পৌৰ নিগমে ৪০ লক্ষাধিক টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ, ট্রেড লাইচেন্স, পার্কিং, পশুপালন বিভাগ, পৌৰ নিগমৰ বজাৰ, হর্ডিং আৰু বিজ্ঞাপন, বিল্ডিং পার্মিছন, খোৱাপানী সংযোজন, জৰিমনাকে ধৰি বিভিন্ন উৎসৰ পৰা বছৰি কোটি কোটি টকাৰ ৰাজহ সংগ্রহ কৰি আহিছে৷ কিন্তু পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে কৰ সংগ্রহৰ ক্ষেত্রত কৰি অহা কেলেংকাৰিৰ বাবেই প্রতিবছৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ বছৰৰ পিছত বছৰ ধৰি নিগমৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীসক কৰ সংগ্রহৰ নামত শ শ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিছে৷ বিশেষকৈ সম্পত্তি কৰ সংগ্রহ কৰাৰ ক্ষেত্রত পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে কৰা অনিয়মৰ বাবে প্রতিবছৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ সম্পত্তি কৰ সংগ্রহ কৰাৰ বাবে যোৱা পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে ঘৰৰ গৰাকীৰ পৰা উপঢ়ৌকন লৈ বাসগৃহৰ ক্ষেত্রত হ’ব লগা বার্ষিক মাচুল কমকৈ আদায় লয়৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, ফ্লেট আদিৰ মালিকৰ পৰা ২০ৰ পৰা ৫০ হাজাৰ টকা উপঢ়ৌকন লৈ বার্ষিক কৰ কমকৈ আদায় কৰি আহিছে৷

পৌৰ নিগমৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে, আনকি নিগমত নতুনকৈ যোগদান কৰা এগৰাকী বিষয়াক চিনি নাপাই তেওঁৰ বাসগৃহৰ জোখ–মাখ ল’বলৈ গৈ ২০ হাজাৰ টকা উপঢ়ৌকন বিচৰাৰ ঘটনাও সংঘটিত হৈছে৷ অৱশ্যে এই বিষয়াগৰাকীয়ে নিজৰ পৰিচয় লুকুৱাই ৰাখি জি এম চিৰ কর্মচাৰীকেইগৰাকীক চৰকাৰী নীতি–নিয়ম অনুসৰি তেওঁ কৰ আদায় দিব বুলি স্পষ্ট কৰি দিয়ে৷ উপঢ়ৌকন নাপাই নিগমৰ বিষয়া–কর্মচাৰীকেইগ্ চৰকাৰী নীতি–নির্দেশনা অনুসৰি বার্ষিক কৰ নির্ধাৰণ কৰি দিয়ে উক্ত বিষয়াগৰাকীক৷ এয়া এক উদাহৰণহে৷ এনেদৰে প্রতিগৰাকী বাসগৃহৰ মালিকৰ পৰা সম্পত্তি কৰ আদায়ৰ নামত উপঢ়ৌকন লৈ কমকৈ ৰাজহ আদায়ৰ নথি–পত্র প্রদান কৰি আহিছে নিগমৰ একাংশ বিষয়া–কর্মচাৰীয়ে৷

গুৱাহাটী পৌৰ নিগমত বছৰৰ পিছত বছৰ ধৰি কৰ সংগ্রহৰ নামত দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে চলাই অহা লুণ্ঠনৰাজ বন্ধ কৰাৰ বাবে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ নৱনিযুক্ত পৌৰ আয়ুক্ত শর্মাই মহানগৰীৰ বাসিন্দাৰ পৰা সম্পত্তি কৰ সংগ্রহৰ ক্ষেত্রত নতুনকৈ জৰীপ চলালেই এই লুণ্ঠনৰাজৰ সকলো তথ্য পোহৰলৈ আহিব৷ লক্ষণীয় যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে গুৱাহাটী পৌৰ নিগমে ২০২০–২১ বর্ষত প্রায় ১১০ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছিল, এতিয়াও প্রায় ৩০ শতাংশ কৰ অনাদায় হৈ আছে৷ ২০১৯–২০ বর্ষত প্রায় ৯৫ কোটি, ২০১৮–১৯ বর্ষত ৯০ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিছিল গুৱাহাটী পৌৰ নিগমে৷

RELATED ARTICLES