peepl-small

২৫ জুলাইত ক’ভিডত মৃতকলৈ সাহায্য আঁচনিৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে

PUBLISHED:

গুৱাহাটী: আন্তঃৰাজ্যিক সীমাক লৈ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ চলি থকা বিবাদৰ মাজতে দুদিনীয়া কার্যসূচীৰে অহা ২৪ আৰু ২৫ জুলাইত উত্তৰ–পূবত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ২৪ জুলাইত শ্বিলঙত আয়োজিত উত্তৰ–পূব পৰিষদৰ বৈঠকত অংশগ্রহণৰ বাবে গুৱাহাটীত উপস্থিত হ’ব লগা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ২৫ জুলাইত অসম চৰকাৰৰ কেইবাটাও অনুষ্ঠানত ভাগ ল’ব৷

অমিত শ্বাহৰ ভ্রমণসূচী সন্দর্ভত মঙলবাৰে বিস্তৃতভাৱে তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ২৪ জুলাইত শ্বিলঙত অনুষ্ঠিত হ’ব লগা উত্তৰ–পূব পৰিষদৰ বৈঠকত চুবুৰীয়া আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ উপস্থিতিত কেইবাটাও ইছ্যু সন্দর্ভত আলোচনা হ’ব৷ আন্তঃৰাজ্যিক সীমা সমস্যা, ড্রাগ্ছ সৰবৰাহ, মানৱ সৰবৰাহ, আইন–শৃংখলা আদি দিশৰ ওপৰত আলোচনা হ’ব৷ এই বৈঠকতে উত্তৰ–পূবৰ উন্নয়নৰ ক্ষেত্রত কিদৰে স্পেচ এজেঞ্চী ব্যৱহাৰ কৰিব পাৰি, তাৰ ওপৰতো আলোচনা কৰা হ’ব৷ আনহাতে, ২৫ জুলাইত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰেডি’থেৰাপী ব্লক এটা উদ্বোধন কৰিব৷

তদুপৰি গৃহমন্ত্রী অমিত শ্বাহে ক’ভিডত মৃত্যু হোৱা প্রতিগৰাকী লোকৰ পৰিয়ালক এক লাখ টকা প্রদান আঁচনিৰ শুভাৰম্ভ কৰিব৷ উল্লেখ্য যে ক’ভিডত স্বামীহাৰা হোৱা মহিলাসকলক আঢ়ৈ লাখ টকাকৈ শেহতীয়াকৈ প্রদান কৰা হৈছে৷

আনহাতে শিশুসকলৰ বাবে ৮ লাখ টকাকৈ ফিক্সড ডিপ’জিট কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে জানিবলৈ দিয়ে যে উক্ত দিনটোতে গৃহমন্ত্রীগৰাকীয়ে তামুলপুৰত স্থাপন হ’ব লগা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ভার্চুৱেল পদ্ধতিৰে আধাৰশিলা স্থাপন কৰিব৷

ইফালে, আন্তঃৰাজ্যিক সীমা সমস্যাৰ প্রসংগত আজি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সীমা সমস্যা সন্দর্ভত ২৩ জুলাইত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে আলোচনা হ’ব৷ একেদৰে অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ সৈতেও আলোচনা হ’ব৷ নাগালেণ্ডৰ সৈতে সীমা বিবাদৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ গোচৰাধীন৷

আনহাতে মিজোৰামৰ সৈতে সৃষ্টি হোৱা সীমা বিবাদৰ বিষয়টোৰ সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় গৃহ সচিবৰ সৈতে দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ আলোচনা হৈছে৷ এই সমস্যা সমাধানৰ ক্ষেত্রত নিশ্চিতভাৱে কিছু সময়ৰ প্রয়োজন হ’ব৷

মন কৰিবলগীয়া যে অমিত শ্বাহৰ আগমনৰ পূর্বে মণিপুৰত হোৱা ৰাজনৈতিক পট পৰিৱর্তনক লৈ যথেষ্ট চর্চাৰ সৃষ্টি হৈছে৷ বিশেষকৈ মণিপুৰ প্রদেশ কংগ্রেছৰ সভাপতিসহ কেইবাজনো বিধায়কে দল এৰি বিজেপিত যোগ দিয়াৰ বাবে প্রস্তুতি চলিছে৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে ৰাজনৈতিক এই বিষয়সমূহ গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হ’ব৷

RELATED ARTICLES