peepl-small

ৰাজ্যত নিতৌ ১ লাখকৈ লোকক টিকাকৰণৰ লক্ষ্য চৰকাৰৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পোৱা ক’ৰোনা সংক্রমণৰ মাজতে মঙলবাৰে অসমে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিলে ৫ লাখ ভেকচিন৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  এই তথ্য প্রকাশ কৰে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা মতে, কেন্দ্রৰ পৰা লাভ কৰা ৫ লাখ ভেকচিনৰ চাৰি লাখ ভেকচিন ক’ভিশ্বিল্ড আৰু এক লাখ ক’ভাক্সিন৷ বর্তমান ৰাজ্য চৰকাৰৰ হাতত ৬,৫৭,১৮০ ড’জ ভেকচিন মজুত আছে৷ আনহাতে, প্রতিদিনে অসমৰ ৫০–৬০ হাজাৰ লোকক ভেকচিন প্রদান কৰি থকা হৈছে যদিও এই লক্ষ্য এক লাখ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে স্বাস্থ্য বিভাগে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ভেকচিনৰ পর্যাপ্ত যোগানৰ হেতু প্রতিদিনে স্বাস্থ্য বিভাগে এক লাখ লোকক যাতে ভেকচিন প্রদান কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷

মন কৰিবলগীয়া যে ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনা সংক্রমণৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে কেইবাখনো চিকিৎসালয় সাজু কৰি তোলাৰ লগতে সৰুসজাইত সম্পূর্ণ কৰি তুলিছে এটা ক’ভিড কেয়াৰ চেণ্টাৰ৷ এই লক্ষ্যৰে মহানগৰীৰ বেতকুছিত থকা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আন এক ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে৷ আজি মন্ত্রী ড০ শর্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ এটা দলে বিশ্ববিদ্যালয়খনে নতুনকৈ সাজি উলিওৱা বিল্ডিং এটা পৰিদর্শন কৰি ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত চূড়ান্ত কৰে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ নতুনকৈ নির্মাণ হোৱা বিল্ডিঙত এহেজাৰ ক’ৰোনা আক্রান্তক ৰাখিব পৰা যাব৷ এসপ্তাহৰ ভিতৰতে এই বিল্ডিংটো ৰোগীৰ বাবে সাজু কৰি তোলা হ’ব৷ অর্থাৎ দুই মে’ৰ পৰা এই কেন্দ্রটোত ক’ৰোনা আক্রান্তক ৰাখিব পৰা যাব৷

উল্লেখ্য যে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে সাজি উলিওৱা বৃহৎ অট্টালিকাটোত ক’ৰোনা আক্রান্তসকলক ৰাখিবৰ বাবে যথেষ্ট সুবিধা আছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা অনুসৰি এই কেন্দ্রটোত সকলো ধৰণৰ চিকিৎসাৰ লগতে অক্সিজেন কনচেনট্রেটৰ মজুত থাকিব৷ কেন্দ্রটোত কোনো ৰোগী গুৰুতৰভাৱে অসুস্থ হ’লে তেওঁক ততালিকে আন চিকিৎসালয়লৈ নিবলৈ সকলো ব্যৱস্থা মজুত থাকিব৷ ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি জালুকবাৰীত থকা আয়ুর্বেদিক মহাবিদ্যালয় হাস্পতালখন পৰিদর্শন কৰে৷ ক’ভিড হাস্পতাল হিচাপে ইতিমধ্যে চিহ্ণিত কৰি ৰখা আয়ুর্বেদিক মহাবিদ্যালয় হাস্পতালখনত সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা উপলব্ধ কৰা হৈছে৷ মন্ত্রী ড০ শর্মাই চিকিৎসালয়খনত থকা সা–সুবিধাসমূহ পৰিদর্শন কৰাৰ লগতে তাত কিমানসংখ্যক স্বাস্থ্যকর্মী নিয়োজিত হৈ আছে, সেই সম্পর্কেও বিস্তৃত তথ্য সংগ্রহ কৰে৷

অক্সিজেন উৎপাদনৰ বাবে তিনিখন বুজাবুজি চুক্তি স্বাস্থ্য বিভাগৰ

ক’ৰোনা সংক্রমণৰ মাজতে আক্রান্তসকলে যাতে অক্সিজেনৰ অভাৱত বিপদত নপৰে, তাৰ বাবে স্বাস্থ্য বিভাগে আজি তিনিখন বুজাবুজি চুক্তিৰ জৰিয়তে অক্সিজেন উৎপাদনৰ সংখ্যা বৃদ্ধি কৰে৷ আজি জনতা ভৱনত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বঙাইগাঁৱৰ নর্থ–ইষ্ট গেছ, চিলাপথাৰৰ লুইত এৰ’ প্রডাক্ট আৰু ডিমাপুৰৰ বি এম এ লিকুইড এয়াৰৰ সৈতে তিনিখনকৈ বুজাবুজি চুক্তি সম্পাদিত হয়৷ ইয়াৰ জৰিয়তে অসমে অতিৰিক্তভাৱে ১০.৫ মেট্রিকটন অক্সিজেন লাভ কৰিব৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অসমত পূর্বৰ পৰাই ৫০ মেট্রিকটন গেছৰ যোগান উপলব্ধ হৈ আছে৷ আনহাতে, স্থাপন কৰা আঠটা অক্সিজেন ইউনিটৰ পৰা ৫.৫ মেট্রিকটন অক্সিজেন লাভ কৰি আছে ৰাজ্যখনে৷ আজি সম্পন্ন হোৱা বুজাবুজি চুক্তিৰ পাছত লাভ কৰিবলগীয়া ১০.৫ মেট্রিকটন অক্সিজেনৰ লগত পূর্বে লাভ কৰি থকা ৫৫.৫ মেট্রিকটন অক্সিজেনৰ জৰিয়তে অসমে অক্সিজেন উৎপাদনৰ সংখ্যা ৬৬ মেট্রিকটনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল৷ উল্লেখ্য যে বঙাইগাঁৱৰ অক্সিজেন ইউনিটৰ পৰা প্রতিদিনে ৩ মেট্রিকটন, চিলাপথাৰৰ পৰা ৩.৬ মেট্রিকটন আৰু ডিমাপুৰৰ পৰা ৩.৯ মেট্রিকটন অক্সিজেন অসমে লাভ কৰিব৷ ইফালে আজিৰে পৰা আৰম্ভ হোৱা নৈশ সান্ধ্য আইনৰ বাবে অনুষ্ঠিত হ’বলগীয়া বিয়াসমূহ সুকলমে কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ অনুমতি প্রদান কৰিব বুলি আজি স্বাস্থ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিছে৷ কমসংখ্যক লোকেৰে দিন স্থিৰ কৰা বিয়াসমূহ অনুষ্ঠিত কৰাৰ অনুমতি প্রদানৰ বাবে আৰক্ষী প্রশাসনক ইতিমধ্যে পৰামর্শ দিয়া হৈছে বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

RELATED ARTICLES