গুৱাহাটী: ক’ভিড ভেকচিনৰ নাটনিক লৈ দেশৰ বিভিন্ন ৰাজ্যত তীব্র প্রতিক্রিয়া চলি থকাৰ মাজতে আজি ক’ভিড ভেকচিন প্রদান সন্দর্ভত নতুন এছ’পি জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ নতুন এছ’পি জাৰি কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই সন্দর্ভত ৰাজ্যসমূহৰ মুখ্য সচিবলৈ নির্দেশনা পত্র প্রেৰণ কৰিছে৷ ক’ভিড–১৯ ভেকচিন প্রদানৰ নতুন এছ’পি অনুসৰি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিলে তেনে ব্যক্তিয়ে তিনি মাহৰ পিছত ভেকচিন ল’ব পাৰিব৷
আনপিনে, ক’ভিড–১৯ৰ প্রথমটো ড’জ লোৱাৰ পিছত কোনো লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হ’লে তেনে লোক সুস্থ হৈ উঠাৰ তিনি মাহৰ পিছতহে দ্বিতীয় ড’জটো ল’ব পাৰিব৷ জটিল ৰোগত আক্রান্ত লোকসকলৰ ক্ষেত্রত দ্বিতীয়টো ড’জ লোৱাৰ সময়ৰ ব্যৱধান ৪–৮ সপ্তাহ৷ তেনেদৰে ক’ভিড–১৯ ভেকচিন লোৱা লোক আক্রান্ত হোৱাৰ পিছত নিগেটিভ হ’লে তেনে লোকে ১৪ দিনৰ পিছত ৰক্তদান কৰিব পাৰিব বুলিও নতুন এছ’পিত উল্লেখ কৰা হৈছে৷
আনপিনে, সকলো দুগ্ধপান কৰোঁতা মহিলাই ক’ভিড ভেকচিন ল’ব পাৰিব বুলিও নতুন এছ’পিত স্পষ্ট কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ভেকচিন লোৱাৰ পূর্বে কোনো লোকে ক’ভিড–১৯ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ প্রয়োজন নাই বুলি এছ’পিখনত উল্লেখ কৰিছে৷ ইয়াৰ পূর্বে ভেকচিন লোৱাৰ আগতে ক’ভিড–১৯ ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগিছিল৷ নেচনেল টেকনিকেল এডভাইজৰী গ্রুপ অন ইমুনাইজেচন (এন টি এ জি আই)এ অনুমোদন জনোৱাৰ পিছত আজি নতুন এছ’পিখন জাৰি কৰিছে স্বাস্থ্য মন্ত্রালয়ে৷ আনপিনে, গর্ভৱতী মহিলাক ভেকচিন প্রদান কৰা হ’ব নে নাই, সেই সন্দর্ভত এতিয়াও সঠিক সিদ্ধান্তত উপনীত হোৱা নাই৷ এনটিজিআইএয়ে এই বিষয়টোক লৈ সম্প্রতি অধ্যয়ন আৰু আলোচনা চলাই আছে৷